তিতাবৰ, 8 অক্টোবৰ :মৰিয়নী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে শুকুৰবাৰে মনোনয়ন পত্ৰ দাখিল কৰিলে সমষ্টিটোত প্ৰাৰ্থীত্ব আগবঢ়োৱা তিনিজনকৈ প্ৰাৰ্থীয়ে । বিজেপিৰ ৰূপজ্যোতি কুৰ্মী, কংগ্ৰেছৰ লোহিত কোঁৱৰ আৰু ৰাইজৰ দলৰ সঞ্জীৱ গগৈয়ে নিজা নিজা সমৰ্থক সহ শুকুৰবাৰে দুপৰীয়া তিতাবৰৰ মহকুমাধিপতিৰ কাৰ্যালয়ত নিৰ্বাচনী বিষয়াৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে ।
বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীক সংগ দিবলৈ দুপৰীয়া তিতাবৰত উপস্থিত হয় স্বয়ং মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰীৰ লগতে অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰা,সাংসদ কামাখ্যা প্ৰসাদ তাচা,কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীকে ধৰি বিজেপিৰ কেইবাজনো শীৰ্ষ নেতাই সংগ দিয়ে বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীক । ইয়াৰ পিছতেই মুখ্যমন্ত্ৰীয়ে উপ নিৰ্বাচনত আটাইকেইখন আসন বিজেপিয়ে লাভ কৰিব মন্তব্য কৰাৰ লগতে এই নিৰ্বাচন বিজেপিৰ বাবে তিলমানো চিন্তাৰ কাৰণ নহয় বুলি অভিহিত কৰে ।