অসম

assam

ETV Bharat / state

কিয় যোৰহাট মহাবিদ্যালয়ৰ ছাত্ৰীয়ে গ্ৰহণ কৰিলে আত্মহত্যাৰ পথ?

সমাজতত্ব বিভাগৰ চতুৰ্থ ছিমেষ্টাৰৰ ছাত্ৰী জয়শ্ৰী ডেকাই ডিঙিত চিপ লৈ আত্মহত্যা কৰে মহাবিদ্যালয়খনৰ ছাত্ৰী নিবাসৰ নৱ নিৰ্মিত চতুৰ্থ মহলাত ৷ ছাত্ৰীগৰাকীৰ ঘৰ  শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত ৷ এতিয়ালৈকে জানিব পৰা হোৱা নাই ছাত্ৰীগৰাকীৰ আত্মহননৰ প্ৰকৃত কাৰণ ৷

যোৰহাট মহাবিদ্যালয়ত সংঘটিত ছাত্ৰীৰ আত্মহনন ঘটনা

By

Published : Mar 31, 2019, 4:03 AM IST

যোৰহাট, 31 মাৰ্চ: যোৰহাট মহাবিদ্যালয়ত সংঘটিত ছাত্ৰীৰ আত্মহনন ঘটনা ৷ শনিবাৰে নিশা প্ৰায় 10 বজাত যোৰহাট মহাবিদ্যালয়ৰ ছাত্ৰী নিবাসৰ এগৰাকী ছাত্ৰীয়ে আত্মহত্যা কৰা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্য৷ মহাবিদ্যালয়খনৰ সমাজতত্ব বিভাগৰ চতুৰ্থ ছিমেষ্টাৰৰছাত্ৰী জয়শ্ৰী ডেকাই ডিঙিত চিপ লৈ আত্মহত্যা কৰে মহাবিদ্যালয়খনৰ ছাত্ৰী নিবাসৰ চতুৰ্থ মহলাত৷

যোৰহাট মহাবিদ্যালয়ত সংঘটিত ছাত্ৰীৰ আত্মহনন ঘটনা
ছাত্ৰীগৰাকীৰ ঘৰ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত ৷ আৰক্ষীৰ লগতে দণ্ডাধীশউপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে মৃতদেহটো ৷ এতিয়ালৈকে জানিব পৰা হোৱা নাই ছাত্ৰীগৰাকীৰ আত্মহননৰ প্ৰকৃত কাৰণ ৷

ABOUT THE AUTHOR

...view details