অসম

assam

By

Published : Oct 26, 2021, 2:21 PM IST

ETV Bharat / state

ঋন প্ৰদানৰ বিনিময়ত অশালীন প্ৰস্তাৱ, মহিলাৰ আত্মহত্যা : ৰঙাঘৰত মৃগাংক

যোৰহাটত মহিলাৰ আত্মহত্যাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য । ঋণ প্ৰদানৰ বিনিময়ত বেংক বিষয়াই মহিলাগৰাকীক দিছিল অশালীন প্ৰস্তাৱৰ । আটক ডেনা বেংকৰ বিষয়া মৃগাংক জ্যোতি দাসসহ এগৰাকী মহিলা ৷

Suicide case in jorhat
যোৰহাটত মহিলাৰ আত্মহত্যা

যোৰহাট, 26 অক্টোবৰ : যোৰহাটত অঘটন ৷ এগৰাকী মহিলাৰ আত্মহত্যাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে যোৰহাটত । অভিযোগ অনুসৰি, ঋণ প্ৰদানৰ বিনিময়ত বেংক বিষয়াই মহিলাগৰাকীক দিছিল অশালীন প্ৰস্তাৱ । সেই প্ৰস্তাৱৰ বাবেই আত্মহত্যাৰ পথ বাচি লয় মহিলাগৰাকীয়ে ৷

মহিলাক আশালীন মন্তব্য কৰি ৰঙা ঘৰৰ আলহী হ’ল মৃগাংক

ঘটনাৰ বিৱৰণি অনুসৰি, যোৰহাট বৰিগাঁৱৰ বৰবৰুৱা টেকেলাগাঁৱৰ গাৰ্গি আত্মসহায়ক গোটৰ সভাপতি গৰাকীয়ে গোটৰ জৰিয়তে বেংকৰ পৰা দুই লাখ টকাৰ ঋণ ল’ব বিচাৰিছিল । সেই সন্দৰ্ভত যোৰহাটৰ ডেনা বেংকৰ বিষয়া মৃগাংক জ্যোতি দাসৰ সৈতে যোগাযোগ কৰিছিল মহিলাগৰাকীয়ে ৷ কিন্তু বেংক বিষয়া মৃগাংক জ্যোতি দাসে ঋণ প্ৰদানৰ বিনিময়ত মহিলাগৰাকীক দিছিল প্ৰেমৰ প্ৰস্তাৱ ।

সেই সময়তে এই সমগ্ৰ বিষয়টোৰ সৈতে জড়িত হৈ পৰিছিল আন এগৰাকী মহিলাও ।

প্ৰাপ্ত তথ্য অনুসৰি, প্ৰথম অৱস্থাত ঋণ ল’ব খোজা মহিলাগৰাকীয়ে বেংক বিষয়াগৰাকীৰ এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল । পৰৱৰ্তী সময়ত দুয়োৰে মাজত গঢ়ি উঠিছিল ভাল বন্ধুত্ব ৷ কিন্তু ঋণৰ ধন লাভ কৰাৰ পিছত বিগত ১৩ অক্টোবৰত নিজ গৃহতে আত্মহত্যা কৰে মহিলাগৰাকীয়ে ।

ইফালে আত্মহত্যাৰ পূৰ্বে ম’বাইলত মেজেছ হিচাবে বেংক বিষয়া মৃগাংক দাস আৰু এই ঘটনাৰ লগত জড়িত হৈ পৰা আনগৰাকী মহিলাৰ বাবেই তেওঁ এই চৰম সিদ্ধান্ত ল’বলগীয়া হ’ল বুলি লিখি থৈ যায় । উল্লেখ্য যে, ঋণ প্ৰদানৰ বিনিময়ত বেংক বিষয়া মৃগাংকই অশালীন প্ৰস্তাৱ দিয়াৰ কথা লগৰ কেইবাগৰাকী মহিলাক কৈছিল মৃত মহিলাগৰাকীয়ে । ইতিমধ্যে আৰক্ষীয়ে মৃত মহিলাগৰাকীৰ ম’বাইল জব্দ কৰিছে ৷

আনকি বিষয়া মৃগাংক আৰু আনগৰাকী মহিলাকো ভোগদৈ আৰক্ষীয়ে কেচ নম্বৰ ২২৭২/২১ ধাৰা ৩০৬/৩৪ গ্ৰেপ্তাৰ কৰিছে ৷ আৰক্ষীৰ সম্পূৰ্ণ তদন্তৰ পিছতহে ওলাব ইয়াৰ সম্পূৰ্ণ তথ্য ।

লগতে পঢ়ক :পৰিভ্ৰমী আমূৰ ফেলকনৰ কোলাহলত মুখৰিত উমৰাংচু

ABOUT THE AUTHOR

...view details