টীয়ক, 7 এপ্ৰিলঃ ভিন্ন প্ৰান্তত লক ডাউনৰ বিৰূপ প্ৰভাৱ পৰিছে খেতিয়কৰ ওপৰত । অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুটি সন্মুখত যদিও, কৰ'ণা ভাইৰাছৰ আতংকময় পৰিৱেশে স্তিমিত কৰিছে বিহুৰ প্ৰস্তুতি । ফলত বিৰূপ প্ৰভাৱ পৰিছে কুঁহিয়াৰ খেতিয়ক সকলৰ ওপৰতো । বিহুৰ পিঠা-পনা পোৰাকে ধৰি বিভিন্ন কামত ব্যৱহৃত হোৱা গুৰ প্ৰস্তুত কৰি, বিক্ৰী কৰিব নোৱাৰাৰ ফলত বাৰীতে শুকাইছে কুঁহিয়াৰ খেতি । বিহুৰ পূৰ্বে কুঁহিয়াৰ পেৰি গুৰ প্ৰস্তুত কৰি বিক্ৰী কৰা এই খেতিয়কলৈ এইবাৰ নামি অহা এই দুৰ্যোগে, গ্ৰাম্য অৰ্থনীতিটো বিৰূপ প্ৰভাৱ পেলোৱাৰ তীব্ৰ সম্ভাৱনা প্ৰকট হৈছে ।
কুঁহিয়াৰ খেতিয়কৰ ওপৰত লক ডাউনৰ বিৰূপ প্ৰভাৱ - অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু
কৰ'ণা ভাইৰাছৰ আতংকময় পৰিৱেশে স্তিমিত কৰা বিহুৰ প্ৰস্তুতিয়ে এইবাৰ বিৰূপ প্ৰভাৱ পেলাইছে কুঁহিয়াৰ খেতিয়ক সকলৰ ওপৰত । গুৰ প্ৰস্তুত কৰি বিক্ৰী কৰিব নোৱাৰাৰ ফলত বাৰীতে শুকাইছে কুঁহিয়াৰৰ খেতি ।

sugercane cultivators in trouble in teok
কুঁহিয়াৰ খেতিয়কৰ ওপৰত লক ডাউনৰ বিৰূপ প্ৰভাৱ