অসম

assam

ETV Bharat / state

কলা শাখাৰ দশম স্থানত উজ্বলিল যোৰহাটৰ শুভাকাংক্ষী আত্ৰেয় - যোৰহাটৰ শুভাকাংক্ষী আত্ৰেয়

মুঠ 466 নম্বৰেৰে উচ্চতৰ মাধ্য়মিক পৰীক্ষাত দশম স্থান দখলেৰে যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিছে ক্ৰিছেণ্ট একাডেমীৰ ছাত্ৰী শুভাকাংক্ষী আত্ৰেয়ই ৷

as_jrt_25jun_HS_result_10th_position_vis_byte_7203853
as_jrt_25jun_HS_result_10th_position_vis_byte_7203853

By

Published : Jun 25, 2020, 1:40 PM IST

যোৰহাট, 25 জুনঃসদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত ফলাফলে গৌৰৱ কঢ়িয়াই আনিছে যোৰহাটবাসীলৈ ৷ যোৰহাটৰ ক্ৰিছেণ্ট একাডেমীৰ ছাত্ৰী শুভাকাংক্ষী আত্ৰেয়ই দশম স্থান দখলেৰে গৌৰৱ কঢ়য়াই আনিছে সমগ্ৰ যোৰহাটলৈ ৷ মুঠ 466 নম্বৰ লাভ কৰি দশম স্থানত উজ্বলিল ছাত্ৰী গৰাকী ৷ যোৰহাটৰ চৰাইবাহীৰ কুহিয়াৰ বৰিয়া গাঁৱৰ মৃদুল বৰবৰা আৰু মিনাক্ষী বৰবৰাৰ কন্যা শুভাকাংক্ষীয়ে ভৱিষ্যতে নিজকে এগৰাকী শিক্ষয়িত্ৰী হিচাপে প্ৰতিষ্ঠা কৰাৰ আশা মনত পুহি ৰাখিছে ৷

শুভাকাংক্ষী আত্ৰেয়

কোনো ধৰণৰ ঘৰুৱা শিক্ষাক অবিহনেই সফলতাৰ বাট বুলোৱা ছাত্ৰীগৰাকীৰ মতে, সমাজত যিমানেই ডাঙৰ ব্যক্তি নাথাকক কিয়, সকলোৰে ভেটি গঢ়ে এগৰাকী শিক্ষকেই ৷ যাৰ বাবে পূৰ্বৰে পৰাই ছাত্ৰী গৰাকী শিক্ষকতাৰ প্ৰতি আকৰ্ষিত হৈ আহিছে বুলি জানিবলৈ দিয়ে সংবাদ মাধ্যমযোগে ৷

কলা শাখাৰ দশম স্থানত উজ্বলিল যোৰহাটৰ শুভাকাংক্ষী আত্ৰেয়

লগতে পঢ়কঃকলা শাখাত শীৰ্ষস্থানত জিলিকিল দৰঙৰ পূবালী ডেকা

ABOUT THE AUTHOR

...view details