অসম

assam

ETV Bharat / state

টিয়কত শক্তি বিভাগৰ কাৰ্যালয়ৰ গেটত ছাত্ৰ সন্থাৰ তলা - যোৰহাট

যোৰহাট জিলাৰ টীয়ক বৈদ্যুতিক উপ সংমণ্ডলৰ বিদ্যুৎ গ্ৰাহকসকলৰ সহযোগত ছাত্ৰ সন্থাই এই প্ৰতিবাদ সাব্যস্ত কৰে ।

টিয়কত শক্তি বিভাগৰ কাৰ্যালয়ৰ গেটত ছাত্ৰ সন্থাৰ তলা

By

Published : Jun 25, 2019, 4:29 PM IST

টিয়ক , ২৫ জুন: টীয়কত সঘনাই বিদ্যুৎ কৰ্তনত অতিষ্ঠ হৈ মঙলবাৰে টীয়ক আৰু শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাই উপ সংমণ্ডলৰ কাৰ্যালয়ৰ প্ৰৱেশ পথৰ গেটত তলা ওলমাই দিয়ে । যোৰহাট জিলাৰ টীয়ক বৈদ্যুতিক উপ সংমণ্ডলৰ বিদ্যুৎ গ্ৰাহকসকলৰ সহযোগত ছাত্ৰ সন্থাই এই তলা বন্ধ কাৰ্যসূচী ৰূপায়ন কৰে ।

টিয়কত শক্তি বিভাগৰ কাৰ্যালয়ৰ গেটত ছাত্ৰ সন্থাৰ তলা

ৰাইজৰ অভিযোগ, এজাক সামান্য বৰষুণ বতাহতে বিদ্যুৎ কৰ্তন হয় অঞ্চলটোত । ইপিনে মৰিয়নীৰ ১৩২ বিদ্যুৎ বিতৰণ কেন্দ্ৰৰ পৰা সৰবৰাহ কৰা বৈদ্যুতিক পৰিবাহী তাঁৰ সমূহৰ ওপৰত গিবন অভয়াৰণ্যৰ গছৰ ডাল, বাঁহ আদি সামান্য বতাহত পৰি সঘনাই বিদ্যুৎ ব্যাহত হৈ পৰে । তেওঁলোকৰ অভিযোগ অনুসৰি সুদীৰ্ঘ দিন অব্যাহত থকা এই সমস্যা সমাধানৰ বাবে শক্তি বিভাগে কোনো স্থায়ী সমাধাৰ ব্যৱস্থা কৰা নাই ।

ABOUT THE AUTHOR

...view details