যোৰহাট , 4 ছেপ্টেম্বৰ :প্ৰায় 5 মাহৰ মূৰত এটা মৰণোত্তৰ প্ৰতিবেদনে লগাইছে হুৱা দুৱা ৷ মৰণোত্তৰ প্ৰতিবেদনে উন্মোচিত কৰিছে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত সংঘটিত হোৱা অকথিত কাহিনী। যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় ভিতচৰাত সংঘটিত হোৱা বিভিন্ন ঘটনা প্ৰৱাহ সন্দৰ্ভত উন্মোচিত হৈছে বহু ভয়ংকৰ তথ্যৰ অভিযোগ।এজন ছাত্ৰৰ মৃত্যুৰ ফৰেনচিক প্ৰতিবেদনত উন্মোচিত হৈছে এই ভয়ংকৰ তথ্য।
উল্লেখ্য যে, যোৱা 6 এপ্ৰিলৰ নিশা যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰাবাসত ৰহস্যজনকভাৱে মৃত্যু হৈছিল শ্বাহ নিহাজুল নিহাজ নামৰ এজন ছাত্ৰৰ । এই ঘটনাৰ পিচতেই সহপাঠীৰ লগতে কলেজ কৰ্তৃপক্ষই এইয়া এক সাধাৰণ মৃত্যু বুলি কৈছিল ।
কিন্তু মৃত ছাত্ৰজনৰ পৰিয়ালে যোৱা 24 আগষ্টত যোৰহাট মেডিকেল কলেজ ও হাস্পতালৰ পৰা লাভ কৰা ফ'ৰেনচিক প্ৰতিবেদনত স্পষ্টকৈ উল্লেখ আছে ছাত্ৰজনৰ মূৰত থকা আঘাতৰ চিনৰ কথা। আনকি ছাত্ৰজনৰ শৰীৰৰ আন আন ঠাইতো আছে আঘাতৰ চিন। পৰিয়ালৰ মতে ই এক হত্যাকাণ্ড।