অসম

assam

ETV Bharat / state

Oppose to closure of homeopathic colleges: হোমিঅ’পেথিক কলেজ বন্ধ বিৰোধিতাৰে AASU-AJYCP ৰ প্ৰতিক্ৰিয়া - গুৱাহাটীৰ হোমিঅ’পেথিক মহাবিদ্যালয়

বন্ধৰ দিশে যোৰহাট আৰু নগাঁৱৰ হোমিঅ’পেথিক মহাবিদ্যালয়(Homeopathic colleges to be closed) । দুয়োখন মহাবিদ্যালয় বন্ধ কৰি কিয় গুৱাহাটীৰ হোমিঅপেথিক মহাবিদ্যালয় লগত চামিলকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে । দুয়োখন মহাবিদ্যালয় বন্ধ কৰাৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে দল-সংগঠনসমূহে ।

opposes closure of homeopathic colleges
হোমিঅপেথিক কলেজ বন্ধ বিৰোধিতাৰে AASU-AJYCP ৰ প্ৰতিক্ৰিয়া

By

Published : Nov 11, 2022, 9:01 PM IST

যোৰহাট,১১ নৱেম্বৰ:আয়ুস মন্ত্ৰীৰ সৰ্বানন্দ সোনোৱালে যোৰহাট আৰু নগাঁৱৰ হোমিঅ’পেথিক মহাবিদ্যালয়ত থকা সমস্যা সমাধানৰ আশ্বাস দিয়াৰ পিছতো দুয়োখন মহাবিদ্যালয় বন্ধ কৰি গুৱাহাটীৰ হোমিঅ’পেথিক মহাবিদ্যালয় লগত চামিলকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে (Homeopathic colleges to be closed) । সুদৃঢ় আন্তঃগাঁথনি আৰু স্বকীয় পৰিচয় থকা যোৰহাট জে কে শইকীয়া হোমিঅ’পেথিক কলেজ আৰু নগাঁৱৰ হোমিঅ’পেথিক কলেজ বন্ধ কৰাৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তই স্তম্ভিত কৰি তুলিছ সকলোকে ।

যোৰহাট আৰু নগাঁৱৰ দুয়োখন হোমিঅ’পেথিক কলেজ বন্ধ কৰিৰ ৰাজ্য চৰকাৰে গুৱাহাটীৰ হোমিঅ’পেথিক কলেজৰ লগত একত্ৰীকৰণ কৰাৰ যো-জা চলাইছে (Merger with Homeopathic College Guwahati) । আনহাতে যোৰহাটৰ লগতে নগাঁৱৰ হোমিঅ’পেথিক কলেজ দুখন বন্ধ কৰাৰ ৰাজ্য চৰকাৰ এই সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে যোৰহাট জিলা ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু যোৰহাট সচেতন লোকসকল ।

হোমিঅ’পেথিক কলেজ বন্ধ কৰি ৰাজ্য চৰকাৰে উক্ত ভূমি বা প্ৰতিষ্ঠানক বহিৰাগত কোম্পানীক গতাই দিয়া পৰিকল্পনা আৰম্ভ কৰিছে বুলি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অভিযোগ উথাপন কৰে । আনহাতে জিলা ছাত্ৰ সন্থাই কয় যে, ৰাজ্য চৰকাৰে যোৰহাট আৰু নগাঁৱৰ হোমিঅ’পেথিক কলেজ বন্ধৰ সিদ্ধান্ত পৰিহাৰ কৰক নতুবা গণতান্ত্ৰিক আন্দোলনৰ বাবে সাজু থাকিবলৈ সকিয়াই দিয়ে(AASU-AJYCP reaction) ।

হোমিঅপেথিক কলেজ বন্ধ বিৰোধিতাৰে AASU-AJYCP ৰ প্ৰতিক্ৰিয়া

ৰাজ্য চৰকাৰৰ হঠকাৰীৰ সিদ্ধান্ত সন্দৰ্ভত যোৰহটীয়া ৰাইজ আৰু বিভিন্ন দল-সংগঠনৰ উপস্থিতত এখন ৰাজহুৱা সভাৰ অনুষ্ঠিত হৈ যায় আৰু উক্ত ৰাজহুৱা সভাত ৰাজ্য চৰকাৰৰ এই হঠকাৰীৰ সিদ্ধান্ত বিৰুদ্ধে ১৫টাকৈ দল সংগঠনে হুংকাৰ প্ৰদান কৰে ।

উল্লেখ্য যে, যোৰহাট জে কে শইকীয়া ৪৭ সংখ্যক প্ৰতিষ্ঠাৰ দিৱসত অংশগ্ৰহণ কৰিৰ কেন্দ্ৰীয় আয়ুস দপ্তৰ মন্ত্ৰী সৰ্বানন্দ সোনোৱালে (AYUSH Minister Sarbananda Sonowal) উক্ত কলেজখনৰ আন্তঃগাঁথনি উন্নয়ন লগতে যি সমুহ আনুসংগিক সমস্যাৰ আছে সেই সমস্যাসমূহ স্থায়ী সামাধানৰ আশ্বাস প্ৰদান কৰিছিল । সমস্যাসমুহৰ বিষয়ে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় আয়ুস মন্ত্ৰালয়ত প্ৰস্তাৱ দাখিল কৰিলেই উক্ত সমস্যা সমূহৰ স্থায়ী সমাধান কৰাৰ হ'ব বুলি মন্তব্য দাঙি ধৰিছিল আয়ুস বিভাগৰ মন্ত্ৰী গৰাকীয়ে ।

মন্ত্ৰী সৰ্বানন্দ সোনোৱালে যোৰহাট জে কে শইকীয়া হোমিঅ’পেথিক লগতে নগাঁৱৰ হোমিঅ’পেথিক কলেজৰ সকলো সমস্যা সমাধানৰ আশ্বাস দিয়াৰ পিছতো কিয় ৰাজ্য চৰকাৰে এনেধৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে । সেয়া এতিয়া সৰ্বসাধাৰণ ৰাইজৰ বাবে এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে । ৰাজ্য চৰকাৰ এনে সিদ্ধান্ত বিৰুদ্ধে নগাঁও আৰু যোৰহাটত মিশ্ৰিত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু ৰাজ্য চৰকাৰৰ এই হঠকাৰীৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক:Eviction in Nagaon: নগাঁৱত ৰেল বিভাগৰ ভূমিত দ্বিতীয় দিনাও উচ্ছেদ অভিযান অব্যাহত

ABOUT THE AUTHOR

...view details