যোৰহাট, 18 মাৰ্চ:ৰাজ্যজুৰি ছেবাৰ বিৰুদ্ধে ক্ষোভৰ দাবানল ৷ মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষা বাতিল হোৱা কাণ্ডক লৈ ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে (HSLC Paper leak case) ৷ লাখ লাখ পৰীক্ষাৰ্থীৰ জীৱনক লৈ হেতালি খেলি ৰাজ্য চৰকাৰ তথা ছেবাই সূচাৰুৰূপে মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাত ব্যৰ্থ হোৱাক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰীক্ষাৰ্থীয়ে পঢ়া টেবুল এৰি ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে (Student protest on HSLC Paper leak ) । শনিবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ছেবাৰ কাৰ্যালয়ৰ সন্মুখত প্ৰায় শতাধিক পৰীক্ষাৰ্থীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷
ছেবাৰ কাৰ্যালয়ৰ সন্মুখত ছেবা লেই লেই ছেই , শিক্ষা বিভাগ হায় হায়, ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনক অপসাৰণ কৰক আদি শ্লোগানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । আজি গুৱাহাটী, মৰিয়নি, নলবাৰীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত দল সংগঠনকে ধৰি ছাত্ৰ-ছাত্ৰী, অভিভাৱকসকলেও ৰাজপথলৈ ওলাই আহি চৰকাৰৰ এই অকৰ্মণ্যতাক ধিক্কাৰ দিছে ৷ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত CBI তদন্ত কৰাৰ লগতে শিক্ষামন্ত্ৰীক পদত্যাগ কৰাৰ লগতে ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনক অপসাৰণ কৰিবলৈ দাবী জনায় প্ৰতিবদাকাৰীসকলে ।