যোৰহাট, 15 মে’:যোৰহাট জিলাৰ পূৱ যোৰহাট শিক্ষাখণ্ডৰ অন্তৰ্গত এখন বিদ্যালয়ত একাংশ ছাত্ৰই ম’বাইল ফোন ব্যৱহাৰ কৰি পৰীক্ষা দিয়া কাৰ্য ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ৷ এই কার্যত পূৰ্ণ সহযোগিতা আগবঢ়োৱা বুলি অভিযোগ উত্থাপিত হৈছে পৰীক্ষাগৃহত নিয়োজিত নিৰীক্ষকগৰাকীৰ ওপৰত ৷ ভিডিঅ’টোত প্ৰকাশ পোৱা অনুসৰি, খোদ নিৰীক্ষকগৰাকীয়ে ব্যস্ত হৈ আছিল ম’বাইল ফোনত ৷ যাৰবাবে ছাত্ৰসকলে বিনাদ্বিধাই ম’বাইল ব্যৱহাৰৰ সুবিধা পায় ৷
এই কাণ্ড সংঘটিত হৈছে যোৰহাট জিলাৰ নকছাৰি অঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান নকছাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৷ নকছাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাংশ ছাত্ৰই উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ৰাসায়ন বিজ্ঞান পৰীক্ষাত শিক্ষকৰ উপস্থিতিতে ম’বাইল ফোন ব্যৱহাৰ কৰি প্ৰশ্নৰ উত্তৰ লিখে(Student gives exam using mobile phone in exam) ৷ পৰৱৰ্তী সময়ত এই কাণ্ডৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে সচেতন মহলত প্ৰতিক্ৰিয়া সৃষ্টি হয় ৷