যোৰহাটত ধূলিৰ ধুমুহা
শুকুৰবাৰে নিশা প্ৰায় ৮.২০বজাত অহা তীব্ৰ বেগী বতাহে ক্ষন্তেক সকাহ প্ৰদান কৰিলে যোৰহাটৰ ৰাইজক । লগতে তীব্ৰ বেগী বতাহে যোৰহাট চহৰত সৃষ্টি কৰে ধূলিৰ ধুমুহাৰ
যোৰহাট, 26 এপ্ৰিলঃ যোৰহাটত ধূলিৰ ধুমুহা। বিগত দুটা দিন ধৰি গৰমৰ প্ৰকোপৰ পৰা ক্ষন্তেক সকাহ দিলে প্ৰকৃতিয়ে । ৩৭ ডিগ্ৰী পাৰাস্তম্ভ চুই যোৱা গ্ৰীষ্মৰ প্ৰভাৱত জন-জীৱন স্থবিৰ হৈ পৰিছিল। কিন্তু শুকুৰবাৰে নিশা প্ৰায় ৮.২০ মান সময়ত অহা তীব্ৰ বেগী বতাহে ক্ষন্তেক সকাহ প্ৰদান কৰিলে যোৰহাটৰ ৰাইজক । লগতে তীব্ৰ বেগী বতাহে যোৰহাট চহৰত সৃষ্টি কৰিলে ধূলিৰ ধুমুহাৰ । ধূলিৰ ধুমুহাৰ ফলত একপ্ৰকাৰৰ বন্ধ হৈ পৰিল যোৰহাট চহৰ। ধুলিৰ ধুমুহাৰ প্ৰকোপ ইমানেই বেছি আছিল যে যান-বাহন চলাচল কৰাত অসুবিধাৰ সন্মুখীন হয় ৷