অসম

assam

ETV Bharat / state

যোৰহাটৰ ৰাজপথত সুৰৰ মূৰ্চনাত মুগ্ধ পথাচাৰী

লতিফ আলীৰ গীতত জীপাল যোৰহাটৰ ৰাজপথ । তেওঁৰ সুৰৰ মুৰ্চনাত মোহাচ্ছন্ন হৈ পৰিছে যোৰহটীয়া ৰাইজ ।

যোৰহাটৰ ৰাজপথত সুৰৰ মূৰ্চনাত মুগ্ধ পথাচাৰী
যোৰহাটৰ ৰাজপথত সুৰৰ মূৰ্চনাত মুগ্ধ পথাচাৰী

By

Published : Dec 29, 2020, 4:50 PM IST

যোৰহাট, 29 ডিচেম্বৰ: যোৰহাটৰ এ.টি ৰোডত ইটোৰ পাচত সিটো জনপ্ৰিয় গীত গাই গৈছে এগৰাকীৰ লোকে ৷ তেওঁৰ গীতৰ সুৰত আপোন পাহৰা হৈ পৰা সমবেত ৰাইজে তেওঁলৈ আগবঢ়াইছে আৰ্থিক অনুদান ৷

যোৰহাটৰ ৰাজপথত সুৰৰ মূৰ্চনাত মুগ্ধ পথাচাৰী

ব্যক্তি গৰাকীৰ নাম লতিফ আলী ৷ ৰাজপথৰ সেই শিল্পী গৰাকী বিশেষভাৱে সক্ষম ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত তেওঁ গীত পৰিৱেশন কৰি প্ৰৱৰ্তাই আছে পেট ৷ জানিব পৰা মতে, বিশেষভাৱে সক্ষম লোকৰ বাবে চৰকাৰে ঘোষণা কৰা ভিন্ন আঁচনিৰ মাজৰ কোনো এখন আঁচনিয়েই আজিলৈকে ঢুকি পোৱা নাই শিল্পী গৰাকীক ৷ যাৰ বাবে চৰকাৰী সাহায্য অভাৱত সম্প্ৰতি ৰাজপথতেই গীত গাই লোকগৰাকীয়ে সুগম কৰি গৈছে তেওঁৰ উপাৰ্জনৰ পথ ৷

লগতে পঢ়ক:হোৱাইট হাউছৰ ডিজিটেল টীমত ভাৰতৰ আয়েশা শ্বাহ

ABOUT THE AUTHOR

...view details