অসম

assam

ETV Bharat / state

দুটা ভিন্ন উদ্দেশ্যৰে যোৰহাট আৰু বঙাইগাঁৱত বাটৰ নাট প্ৰদৰ্শন

আজাদী কি অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি অসম কৃষি বিশ্ববিদ্যালয় চৌহদত দেশভক্তিমূলক বিশেষ বাটৰ নাট প্ৰতিযোগিতা (Street play competition in Jorhat)। বঙাইগাঁও জিলাত সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন । দালালৰাজ বন্ধ কৰাৰ উদ্দেশ্যে অসমৰ চৰকাৰৰ উদ্যোগত এই সজাগতামূলক বাটৰ নাট ।

By

Published : Jan 7, 2022, 7:26 PM IST

Street play competition
যোৰহাট আৰু বঙাইগাঁৱত দুটা ভিন্ন উদ্দেশ্যৰে বাটৰ নাট প্ৰদৰ্শন

নিউজ ডেস্ক,৭ জানুৱাৰী :যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয় চৌহদত বৃহস্পতিবাৰে শিক্ষাৰ্থীসকলৰ মাজত দেশভক্তিমূলক বাটৰ নাট প্ৰতিযোগিতা অনুষ্ঠিত হয় (Street play competition in Jorhat)। বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কৃষি মহাবিদ্যালয়, সামুহিক বিজ্ঞান মহাবিদ্যালয়, ৰেচম মহাবিদ্যালয় আৰু উদ্যান শস্য বিজ্ঞান মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ কেইবাটাও দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে । আজাদী কি অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা এই প্ৰতিযোগিতা মুকলি কৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুৎ চন্দন ডেকাই ।

যোৰহাট আৰু বঙাইগাঁৱত দুটা ভিন্ন উদ্দেশ্যৰে বাটৰ নাট প্ৰদৰ্শন

প্ৰতিযোগিতা মুকলি কৰি উপাচাৰ্যগৰাকীয়ে কয় যে দেশৰ স্বাধীনতা সংগ্ৰাম আৰু স্বাধীনতা সংগ্ৰামীসকলক স্মৰণ কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । বিদ্যায়তনিক শিক্ষানুষ্ঠানত এনে ধৰণৰ কাৰ্যসূচীয়ে আমাক স্বদেশপ্ৰেমৰ প্ৰতি জাগ্ৰত কৰাৰ লগতে গৌৰৱোজ্জ্বল অতীতক স্মৰণ কৰাটো সহায়ক হ'ব বুলিও তেওঁ উল্লেখ কৰে । কৃষি মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ এন এছ এছৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতাত কৃষি মহাবিদ্যালয়ৰ বিজ্ঞান গুৰু ড৹ জয়ন্ত ডেকা, সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড৹ প্ৰসন্ন কুমাৰ পাঠক, পঞ্জীয়ক তপন গোহাঁইৰ লগতে বিশ্ববিদ্যালয়ৰ অন্যান্য বিষয়াসকল, বিভাগীয় মুৰব্বী, অধ্যাপক, বিজ্ঞানী আৰু বিষয়া-কৰ্মচাৰী তথা শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে । প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা কৃষি মহাবিদ্যালয় দলক উপাচাৰ্যই পুৰস্কাৰ প্ৰদান কৰে ।

যোৰহাট আৰু বঙাইগাঁৱত দুটা ভিন্ন উদ্দেশ্যৰে বাটৰ নাট প্ৰদৰ্শন

ইফালে দালালৰাজ বন্ধৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে বঙাইগাঁৱত বিশেষ বাটৰ নাট প্ৰদৰ্শন কৰা হয় (Awareness street play in Bongaigaon)। উল্লেখ্য যে অসম লোকসেৱা অধিকাৰ আইন-২০১২ (সংশোধনী ২০১৯) অনুসৰি ভূমি সংক্ৰান্তীয় বিভিন্ন বেমেজালি, নামজাৰি আদিৰ ক্ষেত্ৰত বিভাগীয় কাৰ্যালয়লৈ গৈ অথবা অন-লাইনৰ জৰিয়তে দালালৰ প্ৰৰোচনাত নপৰাকৈ কৰিব পাৰি । এই সম্পৰ্কে ৰাইজক সজাগ কৰাৰ বাবে অসম চৰকাৰৰ উদ্যোগত গুৱাহাটীৰ 'সজাগ থিয়েটাৰ' নামৰ নাট্যগোষ্ঠীয়ে প্ৰদৰ্শন কৰে বাটৰ নাট ।

বঙাইগাঁও জিলাৰ মাণিকপুৰৰ পাতিলাদহা বজাৰত এই বাটৰ নাট প্ৰদৰ্শন কৰা হয় । উল্লেখ্য যে অসম চৰকাৰৰ আঁচনিসমূহ যাতে সঠিক ভাৱে ৰূপায়িত হয় তাৰ বাবে জিলাই জিলাই এইধৰণৰ বাটৰ নাট প্ৰদৰ্শন কৰা হৈছে ।

লগতে পঢ়ক :শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গুৱাহাটী মহানগৰী জিলা শাখাৰ অধিবেশনৰ প্ৰস্তুতি

ABOUT THE AUTHOR

...view details