টীয়ক,৬মাৰ্চঃ টীয়কত ধুমুহাই তচনচ কৰিলে ৰাজমুকুট থিয়েটাৰৰ পেণ্ডেল। টীয়কৰ বনাইত মঙলবাৰৰ পৰা আৰম্ভ হোৱা ৰাজমুকুট থিয়েটাৰৰ পেণ্ডেল বিধ্বস্ত কৰে এজাক প্ৰচণ্ড ধুমুহাই । প্ৰথম নিশাৰ দৰ্শনীৰ উদ্বোধনী অনুষ্ঠান চলি থকাৰ সময়তে সন্ধিয়া আঠবজাত শিলাবৃষ্টিত তচনচ হয় থিয়েটাৰৰ পেণ্ডেল ।
টীয়কত ধুমুহাত বিধ্বস্ত ভ্ৰাম্যমান থিয়েটাৰৰ পেণ্ডেল - ৰাজমুকুট থিয়েটাৰ
লক্ষাধিক টকাৰ সা-সম্পত্তি বিনষ্ট।
![টীয়কত ধুমুহাত বিধ্বস্ত ভ্ৰাম্যমান থিয়েটাৰৰ পেণ্ডেল](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2616968-10-00763403-d7cc-4ed0-bf36-c5a1e457e799.jpg)
টীয়কত বিধ্বস্ত ৰাজমুকুট থিয়েটাৰৰ পেণ্ডেল
টীয়কত বিধ্বস্ত ৰাজমুকুট থিয়েটাৰৰ পেণ্ডেল
ইফালে ধুমুহাৰ সংহাৰত ভীতিগ্ৰস্ত হৈ থিয়েটাৰ চাবলৈ অহা দৰ্শকসকলে দৌৰা দৌৰি কৰাত আঘাতপ্ৰাপ্ত হয় বহু লোক । লগতে ধুমুহাৰ ফলত কেইবা লাখ টকাৰ সা-সম্পত্তি নষ্ট হৈছে বুলি জানিবলৈ দিছে থিয়েটাৰ কৰ্তৃপক্ষই ।