মৰিয়নী, 27 এপ্ৰিল : মৰিয়নীত ধুমুহাৰ তাণ্ডৱ ৷ শুকুৰবাৰে নিশা অহা এজাক ধুমুহাই তচ-নচ কৰি গ'ল মৰিয়নীৰ বহু অঞ্চল ৷ নিশা অহা এই ধুমুহাত বিস্তৰ ক্ষতি সাধন হয় অঞ্চলকেইটাত ৷ মৰিয়নীৰ অন্তৰ্গত চেলেং, নকছাৰী আদি অঞ্চলত বহু লোকৰ বাসগৃহৰ লগতে স্কুল, ক্লাব ঘৰ আদি ভাঙি চুৰমাৰ কৰে বিধ্বংসী ধুমুহাই ৷
এজাক ধুমুহাই তচ-নচ কৰি গ'ল মৰিয়নীৰ বহু অঞ্চল
নিশা অহা ধুমুহাত বিস্তৰ ক্ষতিসাধন মৰিয়নীত ৷ কম বেছি পৰিমাণে কেইবাগৰাকী লোক আঘাতপ্ৰাপ্ত হোৱাৰ লগতে ঠায়ে ঠায়ে গছ উভালি পৰাত বৰ্তমানেও অঞ্চলটোত ব্যাহত বিদ্যুৎ সেৱা
ধুমুহাত তচ-নচ মৰিয়নী
এই বিধ্বংসী ধুমুহাৰ ফলত কম বেছি পৰিমাণে কেইবাগৰাকী লোক আঘাতপ্ৰাপ্ত হোৱাৰ লগতে ঠায়ে ঠায়ে গছ উভালি পৰাত বৰ্তমানেও বিদ্যুৎ সেৱা ব্যাহত হৈ আছে বৃহত্তৰ অঞ্চলটোত ৷
আৰু পঢ়ক টীয়কৰ বিভিন্ন স্থানত ধুমুহাৰ তাণ্ডৱ