অসম

assam

ETV Bharat / state

চৰকাৰে খবৰ লৈছেনে শ্ৰী শ্ৰী নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামীৰ !

সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামীয়ে ২০০৪ চনত শ্ৰীমন্ত শংকৰদেৱ বঁটা, ২০০৫ চনত অসম সত্ৰ মহাসভাৰ সত্ৰ ৰত্ন বঁটা লাভ কৰাৰ লগতে ২০১০ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সত্ৰাধিকাৰ গৰাকীক প্ৰদান কৰিছিল ডি লিট ডিগ্ৰী । সত্ৰাধিকাৰ গৰাকীয়ে ২০০১-২০০৫ চনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ বৰগীত সমূহৰ বাণীবদ্ধ কৰণ আৰু স্বৰলিপি কৰণ কৰাৰ লগতে সংস্কৃত ভাষাৰ পৰা অসমীয়া ভাষালৈ অনুবাদ কৰিছে "ৰামায়ণ"৷কিন্তু "মহাভাৰত" খন সংস্কৃতৰ পৰা অসমীয়া ভাষালৈ অনুবাদ কৰাৰ সময়তে শাৰীৰিকভাৱে অসুস্থ হৈ পৰে অসমীয়া সাহিত্যৰ ভঁৰাল টনকিয়াল কৰা এই গৰাকী মহীয়ান সত্ৰাধিকাৰ শ্ৰী শ্ৰী নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামী ৷

By

Published : May 24, 2020, 3:38 PM IST

Updated : May 24, 2020, 4:22 PM IST

Srimanta Sankardev follower Satradhikar narayan Chandra deva goswami of new kamalabari satra is bedridden
লক ডাউনঃকেনে আছে মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামী ? চৰকাৰে লৈছেনে খবৰ

যোৰহাট,24মে':ৰাজ্যৰ এগৰাকী বিশেষ সত্ৰাধিকাৰ ৷ সাম্প্ৰতিক সময়ৰ শংকৰী কলা-কৃষ্টিৰ অন্যতম সাধক হিচাপে পৰিচিত তেওঁ হৈছে মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামী৷ ১৯৫৪ চনত মাজুলীৰ চামগুৰি সত্ৰত জন্ম লাভ কৰা নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামীৰ পিতৃৰ নাম আছিল ৰসেশ্বৰ দেৱ গোস্বামী আৰু মাতৃৰ নাম বসুন্ধাৰী দেৱী। ৮ বছৰ বয়সতে নাৰায়ণ চন্দ্ৰ গোস্বামীক ভকত ৰূপে শ্ৰী শ্ৰী কমলাবাৰী সত্ৰলৈ লৈ অহা হয় আৰু তাৰ পৰাই তেওঁ আধ্যাত্মিক শিক্ষাৰ লগতে আনুষ্ঠানিক শিক্ষা সম্পূৰ্ণ কৰি শাস্ত্ৰী উপাধি লাভ কৰিবলৈ সক্ষম হয়। ১৯৭২ চনত কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ আসন অলংকৃত কৰা শ্ৰী শ্ৰী নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামীয়ে ভাৰতৰ বিভিন্ন ঠাইৰ লগতে আন্তৰ্জাতিক বহু ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিছে ।

লক ডাউনঃকেনে আছে মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামী ? চৰকাৰে লৈছেনে খবৰ

ইয়াৰ লগতে অসমীয়া সমাজ সংস্কৃতি তথা শংকৰী সংস্কৃতি টনকিয়াল কৰা বহু কেইখন গ্ৰন্থ ৰচনা কৰাৰ লগতে বহু কবিতা আৰু মূল্যবান পুথিও অনুবাদ কৰিছে সত্ৰাধিকাৰগৰাকীয়ে ৷ যাৰ বাবে সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামীয়ে ২০০৪ চনত শ্ৰীমন্ত শংকৰদেৱ বঁটা, ২০০৫ চনত অসম সত্ৰ মহাসভাৰ সত্ৰ ৰত্ন বঁটা লাভ কৰাৰ লগতে ২০১০ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সত্ৰাধিকাৰ গৰাকীক প্ৰদান কৰিছিল ডি লিট ডিগ্ৰী । সত্ৰাধিকাৰ গৰাকীয়ে ২০০১-২০০৫ চনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ বৰগীত সমূহৰ বাণীবদ্ধ কৰণ আৰু স্বৰলিপি কৰণ কৰাৰ লগতে সংস্কৃত ভাষাৰ পৰা অসমীয়া ভাষালৈ অনুবাদ কৰিছে "ৰামায়ণ"৷কিন্তু "মহাভাৰত" খন সংস্কৃতৰ পৰা অসমীয়া ভাষালৈ অনুবাদ কৰাৰ সময়তে শাৰীৰিকভাৱে অসুস্থ হৈ পৰে অসমীয়া সাহিত্যৰ ভঁৰাল টনকিয়াল কৰা এই গৰাকী মহীয়ান সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামী ৷ বৰ্তমানে যোৰহাটৰ নিজা বাসগৃহত শয্যাগত সত্ৰাধিকাৰগৰাকী আক্ৰান্ত যকৃত ৰোগৰ লগতে কঁকালৰ বিষত জৰ্জৰিত ৷ইপিনে সত্ৰাধিকাৰগৰাকীক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায় আগবঢ়াই আহিছে যদিও সাম্প্ৰতিক পৰিস্থিতিত এতিয়া চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ যাব নোৱাৰি নিজ বাসগৃহতে আবদ্ধ হৈ শয্যাগত হৈ থাকিব লগা হৈছে সত্ৰাধিকাৰগৰাকী৷ফলত অধিক অসুস্থ হৈ পৰিছে সত্ৰাধিকাৰগৰাকী ৷ সত্ৰাধিকাৰ গৰাকীৰ স্বাস্থ্য অধিক অৱনতি ঘটাত চিন্তিত হৈ ডেকা সত্ৰাধিকাৰ সত্যজীৎ মহন্তই সত্ৰাধিকাৰ শ্ৰী শ্ৰী নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামীৰ চিকিৎসা নিজ বাসগৃহতে কৰাৰ ব্যৱস্থা কৰিবলৈ ৰাজ্য চৰকাৰক কাতৰ অনুৰোধ জনাইছে ৷

লক ডাউনঃকেনে আছে মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামী ? চৰকাৰে লৈছেনে খবৰ

উল্লেখযোগ্য যে,নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামীৰ তত্ত্বাৱধানত বহু আন্তৰ্জাতিক পৰ্যায়ৰ ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত হৈ গৈছে। ১৯৯০ মাজুলী নদীদ্বীপ সুৰক্ষা সমিতি গঠন কৰাৰ লগতে মাজুলীৰ গৰাখহনীয়া, মাজুলীৰ উন্নয়ন আৰু মাজুলীৰ সত্ৰীয়া সংস্কৃতিৰ সুৰক্ষাৰ বাবে চেষ্টা কৰি আহিছে সত্ৰাধিকাৰ শ্ৰী শ্ৰী নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামীয়ে ।

লগতে পঢ়কঃতীৰ্থস্থানক কেন্দ্ৰ কৰি ৰাজ্যত পৰ্যটনৰ নতুন উদ্যোগ

Last Updated : May 24, 2020, 4:22 PM IST

ABOUT THE AUTHOR

...view details