টীয়ক,5 ছেপ্টেম্বৰ: আজি শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্মজয়ন্তী(574th Avirbhav tithi of Srimanta Sankardev) ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক আর্বিভাব তিথি উপলক্ষে হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে সমগ্ৰ ৰাজ্য ৷ উচ্চ-নীচ, জাতি-জনজাতি, ভাষা-সংস্কৃতি, বিভিন্ন ধৰ্মীয় পন্থাৰ মাজত থকা বৈসম্যতা আঁতৰায় এখন সাম্যৰ সমাজ প্ৰতিষ্ঠাত মহাপুৰুষজনাৰ অৱদান অপৰিসীম ৷
মহাপুৰুষজনাৰ ৫৭৪ সংখ্যক জন্মজয়ন্তী সমগ্ৰ ৰাজ্যতে উলহ-মালহেৰে পালন কৰা হৈছে ৷ একেদৰে টীয়কৰ ঐতিহাসিক ঢেঁকীয়াখোৱা বৰনামঘৰত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে মহাপুৰুষজনাৰ আৱিৰ্ভাৱ তিথি(Avirbhav tithi of Srimanta Sankardev celebrated in Teok) । অনুষ্ঠানৰ আৰম্ভণিতে উদ্যোক্তাসকলে ভাগৱত ভ্ৰমণ কাৰ্যসূচী গ্ৰহণ কৰিছে যি কাৰ্যসূচীত ঢেঁকীয়াখোৱাবাসী ৰাইজ তথা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱে অংশগ্ৰহণ কৰিছে ।