অসম

assam

ETV Bharat / state

Sprinter Amlan Borgohain: জন্মভূমি টীয়কত দৌৰবিদ অম্লান বৰগোহাঁইক সম্বৰ্ধনা

ৰাষ্ট্ৰীয় ক্ৰীড়াত সোণৰ পদক লাভ কৰি অসম তথা টীয়কবাসীক গৌৰৱান্বিত কৰা অম্লান বৰগোহাঁইক বুধবাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় (Amlan Borgohain felicitated at Teok) ৷ টীয়কৰ বালিচাপৰিৰ হাতীগড় কলা কৃষ্টি কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন ৰাজহুৱা সভাত সম্বৰ্ধনা জনোৱা হয় ক্ৰীড়াবিদগৰাকীক ।

By

Published : Oct 26, 2022, 5:37 PM IST

Sprinter Amlan Borgohain
জন্মভূমি টীয়কত দৌৰবিদ অম্লান বৰগোহাঁইক সম্বৰ্ধনা

টীয়ক, 26 অক্টোবৰ : প্ৰতিশ্ৰুতিসম্পন্ন ক্ৰীড়া প্ৰতিভা ভাৰতৰ দ্ৰুত মানৱৰূপে পৰিচিত টীয়কৰ হাতীগড় মৌজাৰ গৌৰৱ অম্লান বৰগোহাঁইক সম্বৰ্ধনা জনোৱা হয় (Amlan Borgohain felicitated at Teok)৷ টীয়কৰ বালিচাপৰিৰ হাতীগড় কলা কৃষ্টি কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন ৰাজহুৱা সভাত সম্বৰ্ধনা জনোৱা হয় ক্ৰীড়াবিদগৰাকীক (Sprinter Amlan Borgohain)।

জন্মভূমি টীয়কত দৌৰবিদ অম্লান বৰগোহাঁইক সম্বৰ্ধনা

উক্ত সভাত বৃহত্তৰ টীয়কৰ বিভিন্ন অনুস্থান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি উপস্থিত হৈ দৌৰবিদ অম্লানক সম্বৰ্ধনা জ্ঞাপন কৰে । উল্লেখযোগ্য যে, যুৱ ক্ৰীড়াবিদগৰাকীয়ে গুজৰাটত সদ্য অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত(National games 2022) অসমক প্ৰতিনিধিত্ব কৰি ১০০ মিটাৰ আৰু ২০০ মিটাৰ দৌৰত সোণৰ পদক লাভ কৰি অসম তথা টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । সেয়ে তেওঁৰ জন্মস্থান টীয়কৰ হাতীগড় মৌজাত এইদৰে টীয়কবাসীয়ে ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰে আৰু অনাগত দিনসমূহ অম্লানে যাতে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্টীয় ক্ৰীড়াংগণতো সফলতা লাভ কৰি অসমবাসীক গৌৰৱাম্বিত কৰিব তাৰ কামনা কৰে ।

উক্ত সভাত ৰাজ্যসভাৰ(MP Kamakhya Prasad Tasa), মধ্য যোৰহাট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া, জিলা সাংবাদিক সংস্থাৰ সভাপতি ৰাম প্ৰসাদ ফুকন, বিশিষ্ট ক্ৰীড়াবিদ মোহন বৰা, চিপাহীখোলা মণ্ডল বিজেপিৰ সভাপতি ৰাতুল বৰঠাকুৰ, বালিচাপৰি পঞ্চায়তৰ, সভাপতি দুৰ্লভ চেতীয়া, মধ্য হোলোঙাপাৰ গাওঁ পঞ্চায়তৰ সভাপতি পৰাগ বুঢ়াগোহাঁই, অম্লান বৰগোহাঁইৰ পিতৃ বদন চন্দ্ৰ বৰগোহাঁইকে প্ৰমুখ্য কৰি অঞ্চলটোৰ বহুসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকি সহযোগিতা আগবঢ়ায় ।

লগতে পঢ়ক :Football Tournament at Jonai: জোনাইৰ গান্ধী ফিল্ডত প্ৰবীণ ফুটবল ট্ৰফী

ABOUT THE AUTHOR

...view details