যোৰহাট,২১ জানুৱাৰী:যোৰহাটত অনুষ্ঠিত কৰা হয়কলিয়নী অঞ্চলৰ সমাজিক-সাংস্কৃতিক আৰু ক্ৰীড়া অনুষ্ঠান কোচগাঁও যুৱক সংঘ আৰু ক্ৰীড়া সন্থাৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান । কোচগাঁও গাঁওৰক্ষী বাহিনী আৰু বৃহৎ গাঁওবাসীৰ সহযোগত শনিবাৰে আৰু ২২ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰাৰ হৈছে ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান(Silver jubilee of Kaliani Sports Association) । কোচগাঁও যুৱক সংঘ আৰু ক্ৰীড়া সন্থাৰ ৰূপালী জয়ন্তী দুদিনীয়া কাৰ্যসূচীৰে নিমাতী কোচগাঁও অস্থায়ী মঞ্চত অনুষ্ঠিত কৰা হয় (Sports Association celebrates silver jubilee celebrations in Jorhat) ।
আজি ৰূপালী জয়ন্তী বৰ্ষ সামৰণি অনুষ্ঠানৰ প্ৰথম দিনা ৮:৩০ বজাত বন্তি প্ৰজ্বলন কৰে ৰামেশ্বৰ দত্তই, ৮:৪৫ বজাত পতাকা উত্তোলন কৰে কোচগাঁও যুৱক সংঘ আৰু ক্ৰীড়া সন্থাৰ সভাপতি ভৃগু ফুকন দত্তই । ৯ বজাত স্মৃতি তৰ্পন কৰে বিনন্দ চন্দ্ৰ দত্তই, ৯.৪৫বজাত বৃক্ষ ৰোপন কৰে কোচ গাওঁ উন্নয়ন সমিতি সভাপতি অনিল দত্তই আৰু ১২ বজাত গাঁওখনৰ মাজেৰে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়(Silver Jubilee Cultural Procession) ।
কোচগাঁও যুৱক সংঘ আৰু ক্ৰীড়া সন্থাৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান লগত সংগতি ৰাখি উলিওৱা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত জাতি জনগোষ্ঠীৰ বিভিন্ন কৃষ্টি সংস্কৃতিৰ প্ৰতিফলিত হয় । লগতে নৱপ্ৰজন্মৰ মাজত চিনাকী কৰি দিয়া উদ্দেশ্যে কৃষি কৰ্মৰ সা-সঁজুলি উক্ত শোভাযাত্ৰাত স্থান দিয়া হয় । বৃহৎ অঞ্চলটোৰ বৃদ্ধ বনিতাৰ লগতে ডেকা-গাভৰু সকলো লোক ওলাই আহি উক্ত কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰে(Kaliani Sports Association celebrate silver jubilee) ।