যোৰহাট,17 জানুৱাৰী:বিশেষভাৱে সক্ষম ল’ৰা-ছোৱালীয়েও সপোন দেখে ৷ সমবয়সীয়া আনবোৰৰ দৰে বিশেষভাৱে সক্ষম ল’ৰা-ছোৱালীয়েও কটাব বিচাৰে সাধাৰণ জীৱন-শৈলী ৷ কিন্তু উপযুক্ত চিকিৎসা তথা পৰিৱেশৰ অভাৱত ভৱিষ্যৎ প্ৰজন্মৰ এই সকল নাগৰিকে তৈয়াৰ কৰি ল’বলগীয়া হয় এখন সুকীয়া পৃথিৱী ৷ এক পৰিধিৰ মাজত বনাই লোৱা এইখন পৃথিৱীয়ে যেন হৈ পৰে বিশেষভাৱে সক্ষম সকলো ল’ৰা-ছোৱালীৰ বাবে ৷
স্বাভাৱিক জীৱন-যাপন কৰিব পৰাকৈ তেওঁলোকক অৰ্থাৎ বিশেষভাৱে সক্ষম ল’ৰা-ছোৱালীখিনিক এখন পৃথিৱী দিবৰ বাবে বিভিন্নজনে বিভিন্ন সময়ত ভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰি আহিছে ৷ শেহতীয়াকৈ সোমবাৰে তিতাবৰত বিশেষভাৱে সক্ষম শিশু বা প্ৰতিবন্ধীসকলৰ বাবে মুকলি কৰা হয় এক বিশেষ ব্যৱস্থা ৷ জিলাখনৰ মুকবধিৰ বিদ্যালয় আৰু প্ৰশিক্ষণ কেন্দ্ৰত অসমৰ প্ৰথমটো অডিঅ’মেট্ৰি আৰু স্পীচ থেৰাপিৰ এটা কক্ষ শুভাৰম্ভ কৰা হয় (Schools and Training Centers for the Deaf in Jorhat)৷
এই শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন (Jorhat DC), জিলাখনত কৰ্ম সম্পাদন কৰি যোৱা প্ৰাক্তন উপায়ুক্ত তথা অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চান্দ জৈন, ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰতাপ কছাৰীৰ লগতে বহুত কেইগৰাকী গণ্য মান্য ব্যক্তি (Schools and Training Centers for the Deaf in Jorhat) ।