যোৰহাট, ২৮ জুন : অসমৰ থলুৱা বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত কৃষিৰ সম্প্ৰসাৰণৰ (Agriculture expansion in indigenous ethnic groups) জৰিয়তে সামগ্ৰিকভাবে ৰাজ্যৰ থলুৱা কৃষি অৰ্থনীতিক আগবঢ়াই নিয়াৰ প্ৰয়াসেৰে অসম কৃষি বিশ্ববিদ্যালয়ে (Assam Agricultural University) গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । এই পদক্ষেপৰ অংশ হিচাপে ৰাজ্যৰ থলুৱা জনগোষ্ঠী বড়ো-কছাৰীসকলৰ মাজত কৃষিৰ নতুন জাগৰণ অনাৰ প্ৰয়াসেৰে বিশ্ববিদ্যালয়খনে জনগোষ্ঠীটোৰ নিৰ্বাচিত প্ৰতিনিধিৰ সৈতে এখন উচ্চস্তৰীয় পৰ্যালোচনা সভাত মিলিত হয় ।
'বড়ো-কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ (Bodo-Kasari Kalyan Autonomous Council) অন্তৰ্গত গ্ৰাম্য যুৱ-প্ৰজন্মৰ বাবে কৃষি ভিত্তিক বহনক্ষম জীৱিকা (Sustainable livelihood based on agriculture)' শীৰ্ষক বিষয়ত সোমবাৰে অনুষ্ঠিত এই পৰ্যালোচনা সভাত জনগোষ্ঠীটোৰ কৃষি পৰিক্ৰমা আৰু সম্ভাৱনীয়তাৰ ওপৰত বিশদভাবে আলোচনা কৰা হয় । বড়ো-কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালকালয়ৰ যুটীয়া উদ্যোগত অনুষ্ঠিত বৈঠকখনত মুখ্য অতিথি হিচাপে বক্তব্য প্ৰদান কৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য (Vice Chancellor of Assam Agricultural University) ড° বিদ্যুত চন্দন ডেকাই কয় যে গাহৰি পালন ,মৎস্য পালন,হাঁহ-মুৰ্গী পালনৰ দৰে কৃষিৰ ক্ষেত্ৰসমুহ বড়োসকলৰ বাবে অতি সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰ হিচাপে বিবেচিত হৈছে ।
এইসমূহ ক্ষেত্ৰত মনোনিবেশ কৰিলে বড়ো জাতিৰ কৃষিৰ জৰিয়তে বৈপ্লৱিক উত্তৰণৰ সম্ভাৱনা আছে । সমান্তৰালভাবে এইসমূহ উৎপাদন কৰিবলৈ যাওঁতে প্ৰয়োজন হোৱা খাদ্যৰ অভাৱ পূৰণৰ দিশতো ঔদ্যোগিক দৃষ্টিভংগীৰে মনোনিবেশ কৰি মাকৈ আৰু চয়াবিনৰ দৰে খেতিৰ প্ৰসাৰত অধিক গুৰুত্ব দিব লাগিব । প্ৰসংগক্ৰমে তেওঁ গাহৰিপালক মনোজ বসুমতাৰী, কণী উৎপাদক আকাশজ্যোতি গগৈ আৰু মীনপালক দেৱজিত বৰ্মনৰ সফলতাৰ কাহিনী উল্লেখ কৰি বিশ্ববিদ্যালয়খনে এই বছৰ ৫০০ বিঘা মাটিত প্ৰদৰ্শনীমূলক চয়াবিনৰ খেতিৰ পৰিকল্পনা কৰাৰ বিষয়ে সদৰী কৰে ।
বড়ো-কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য (কৃষি) প্ৰদীপ স্বৰ্গীয়াৰীয়ে আদৰণী ভাষণ আগবঢ়োৱা সভাখনত বক্তব্য ৰাখি অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক (Assam Agricultural University Extension Director of Education) ড° প্ৰসন্ন কুমাৰ পাঠকে ভাষণত কয় যে এটা জাতিৰ উন্নয়ন পৰিষদে অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত জাতিটোৰ কৃষি তথা আৰ্থ-সামাজিক উন্নয়নৰ বাবে আগবাঢ়ি আহিছে । যিটো অতি শুভ লক্ষণ । বড়ো-কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ সভাপতি গাম্বৰু মুছাহাৰীয়ে কয় যে এই আলোচনাৰ জৰিয়তে বড়ো-কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ মাজত যি যোগাযোগ স্থাপন হৈছে, এয়া এক ঐতিহাসিক পদক্ষেপ ।