যোৰহাট, 22 ফেব্ৰুৱাৰী: বুধবাৰে ভাৰতীয় সেনাৰ জোৱানসকলক বীৰত্ব আৰু বিশিষ্ট সেৱা বঁটাৰে সন্মান জনোৱাৰ উদ্দেশ্যে যোৰহাটত প্ৰথমবাৰৰ বাবে সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ উদোগত এক বিশেষ সাহসিকতাৰ বঁটা আৰু সন্মান প্ৰদান অনুষ্ঠান ২০২৩ (Special Bravery Awards and Honors Ceremony) আয়োজন কৰা হৈছে ৷ যোৰহাটৰ চুকাফা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত ইষ্টাৰ্ণ কামাণ্ডৰ GOC-IN-C লেফটেনেণ্ট জেনেৰেল ৰানা প্ৰতাপ কলিতা উপস্থিত হয় (Lieutenant General Rana Pratap Kalita) ৷
এই অনুষ্ঠানত ইষ্টাৰ্ণ কমাণ্ডৰ GOC-IN-C লেফটেনেণ্ট জেনেৰেল ৰানা প্ৰতাপ কলিতাই ভাৰতীয় সেনাৰ বীৰ তথা সাহসী বিষয়া আৰু জোৱান সকলক বীৰত্ব আৰু বিশিষ্ট সেৱা বঁটা, যুদ্ধ সেৱা মেডেল, সেনা মেডেল, বিশিষ্ট সেৱা মেডেল প্ৰদান কৰা হয় ৷
এই বিশেষ অনুষ্ঠানৰ লগত সংগতি ৰাখি যোৰহাটত প্ৰথমবাৰৰ বাবে ইষ্টাৰ্ণ কামাণ্ড বিনিয়োগ অনুষ্ঠান ২০২৩ অনুষ্ঠিত কৰা হয় ৷ যোৱা 21 ফেব্ৰুৱাৰীৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই বিনিয়োগ অনুষ্ঠানত "নিজৰ সেনাক চিনি লওক: সঁজুলি প্ৰদৰ্শন"ৰ শীৰ্ষক এক প্ৰদৰ্শনী অনুষ্ঠান অনুষ্ঠিত কৰে ৷ এই প্ৰদৰ্শনী অনুষ্ঠানত সেনা বাহিনীৰ সঁজুলি প্ৰদৰ্শনৰ মূল উদ্দেশ্য হৈছে যোৰহাটৰ যুৱক-যুৱতী আৰু শিশুসকলক উৎসাহিত কৰাৰ লগতে ভাৰতীয় সেনাৰ শক্তি আৰু সামৰ্থ প্ৰদৰ্শন কৰা ৷