যোৰহাট, 23 এপ্ৰিল : যোৰহাটত উপস্থিত হৈ ক'ভিড পৰিস্থিতি বুজ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে ৷ ক'ভিডৰ বৰ্তমানৰ পৰিস্থিতিক লৈ যোৰহাট জিলা প্ৰশাসন, আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা মিলিত হয় মুখ্যমন্ত্রী গৰাকীয়ে ৷
ইয়াৰ পাচতে সাংবাদিকক সম্বোধন কৰে মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে ৷ তেওঁ সাংবাদিকৰ আগত ক'ৰণা ভাইৰাছৰ বিৰুদ্ধে অসমৰ জনগনক একত্ৰিত হৈ যুঁজ দিবৰ বাবে আহ্বান জনায় ৷ আগন্তুক মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা পৰিস্থিতি ওপৰত ভিত্তি কৰি অনুষ্ঠিত হ'ব বুলিও মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে ৷
ক'ভিড পৰিস্থিতিক লৈ যোৰহাটত সোণোৱালৰ বৈঠক "চৰকাৰে বান্ধি দিয়া SOP সকলোৱে পালন কৰক ৷ ক'ৰণাৰ প্ৰথম ৱেভৰ বিৰুদ্ধে যুঁজি অসমৰ ৰাইজে দেশৰ ভিতৰতে উদাহৰণ দাঙি ধৰিছিল ৷ ৰাজ্যত এতিয়াও পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন আছে ৷ ক'ৰণাৰ বিৰুদ্ধে যুঁজিবলৈ সম্পূর্ণ ৰূপে সাজু অসম চৰকাৰ ৷ পৰিস্থিতি আৰু বেয়া হ'লে লক ডাউনৰ বিষয়ত চিন্তা কৰিবলগীয়া হ'ব পাৰে ৷" মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয় ৷
ক'ভিড পৰিস্থিতিক লৈ যোৰহাটত মুখ্যমন্ত্ৰী সোণোৱালৰ বৈঠক ইফালে অপহৃত ONGC ৰ তিনি বিষয়া সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে সোণোৱালে ৷ ONGC ৰ তিনি বিষয়া সন্দৰ্ভত অসম আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি কয় মুখ্যমন্ত্রী গৰাকীয়ে ৷
লগতে পঢ়ক: অনিশ্চয়তাৰ মাজত ONGC ৰ তিনি বিষয়া-কৰ্মচাৰীৰ পৰিয়ালবৰ্গ