টীয়ক, 12 অক্টোবৰ:বিগত দহটা বছৰে সমাজৰ হকে অবিৰত সংগ্ৰাম কৰি অহা টীয়ক ৰাজহ চক্ৰৰ চেলেংহাট অঞ্চলনিবাসী তুষাৰ পাল ৷ প্ৰথমে শৰীৰ চৰ্চাৰ দ্বাৰা চেলেংহাটৰ দৰে গ্ৰামাঞ্চলৰ যুৱ-প্ৰজন্মক নিচাযুক্ত দ্ৰব্যৰ পৰা আতৰাই ৰখাৰ চেষ্টা কৰিছিল সমাজকৰ্মী গৰাকীয়ে ৷ ২০১০ চনত ৰাষ্ট্ৰীয় শৰীৰ চৰ্চা প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰাৰ পাচত তেওঁ নিজ বাসগৃহতে শৰীৰ চৰ্চা কেন্দ্ৰ স্থাপন কৰি অঞ্চলটোৰ যুৱক-যুৱতী সকলক বিনামূলীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰিছিল ৷ তাৰ সমান্তৰালকৈ তুষাৰ পালে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অকলেই সংগ্ৰাম অব্যাহত ৰাখি ২০১৮ চনত সমগ্ৰ ৰাজ্যতে এক গণ স্বাক্ষৰ অভিযান চলাইছিল ৷
সমাজকৰ্মী তুষাৰ পাললৈ ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডৰ মানৱতাৰ বঁটা - ইণ্ডিয়ান বুক অৱ ৰেকৰ্ড
ভিন্ন সামাজিক, সজাগতামূলক কামৰ বাবে টীয়কৰ সমাজকৰ্মী তুষাৰ পালে লাভ কৰে 2020 বৰ্ষৰ ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডৰ মানৱতাৰ বঁটা ৷
আপকু যোৰহাট জিলাৰ সহযোগত চলোৱা গণ স্বাক্ষৰ কাৰ্যসূচীত 20 শহস্ৰাধিকতকৈয়ো অধিক স্বাক্ষৰ সংগ্ৰহ কৰি বিধানসভাৰ অধ্যক্ষৰ যোগেদি প্ৰধানমন্ত্ৰীলৈ স্বাক্ষৰ সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল সমাজকৰ্মী গৰাকীয়ে ৷ শেহতীয়াকৈ কৰ'ণা মহামাৰী সম্বন্ধেও সজাগতা সৃষ্টিৰ বাবে তেওঁ টীয়কৰ বিভিন্ন অঞ্চলৰ লগতে চাহ বাগিছাসমূহত সজাগতামূলক অনুষ্ঠান কৰি সকলোকে সজাগ কৰিছিল ৷ নিজৰ গাঁঠিৰ ধন ভাঙি মাস্ক, চেনিটাইজাৰ বিতৰণ কৰিছিল ৷ তেওঁৰ সকলোবোৰ কৰ্ম দুখনকৈ চুটি চবি নিৰ্মাণ কৰি বাগিছা কৰ্তৃপক্ষই প্ৰদৰ্শন কৰিছিল ৷ যাৰ বাবে তেওঁ ২০২০ চনৰ ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডৰ মানৱতাৰ বঁটা লাভ কৰিছে ৷ ইতিপূৰ্বে তেওঁ নিজ কৰ্মৰাজিৰ বাবে ডঃ বি.আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁটাকে ধৰি কেইবাটাও ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক সন্মানো লাভ কৰিছে ৷
লগতে পঢ়ক:নাৰী সুৰক্ষাৰ বাবে বিশেষ 'KEY CHAIN' উদ্ভাৱন কানপুৰৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰীৰ