অসম

assam

ETV Bharat / state

Controversial comments of Bimal Bara: ক্ষুদ্ৰ চাহ খেতিয়কৰ ৰোষত বিমল বড়া; জ্বলালে পুত্তলিকা - Small tea planters

অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনত আগবঢ়োৱা এক মন্তব্যৰ বাবে ক্ষুদ্ৰ চাহ খেতিয়কৰ ৰোষত পৰিছে উদ্যোগ মন্ত্ৰী বিমল বড়া । ক্ষুদ্ৰ চাহ খেতিয়কসকলে উৎপাদন কৰা চাহ পাত উন্নত মানৰ নহয় আৰু সেইবাবেই ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ উচিত মূল্য দিয়া নহয় বুলি কৰা মন্তব্যৰ বিৰুদ্ধে গৰজি উঠিছে ক্ষুদ্ৰ চাহ খেতিয়কসকল । মন্ত্ৰীগৰাকীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ক্ষোভিত চাহ খেতিয়কসকলে ।

Reaction over Bimal Bara comments by small tea farmers
ক্ষুদ্ৰ চাহ খেতিয়কৰ ৰোষত বিমল বড়া, জ্বলালে পুত্তলিকা

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 1:34 PM IST

ক্ষুদ্ৰ চাহ খেতিয়কৰ ৰোষত বিমল বড়া, জ্বলালে পুত্তলিকা

যোৰহাট, ১৫ ছেপ্টেম্বৰ:সদনত আগৱঢ়োৱা এক বাখ্যাৰ বাবে ৰাজ্য হাজাৰ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ ৰোষত বৰ্তমানৰ উদ্যোগ মন্ত্ৰী বিমল বড়া । মন্ত্ৰী বিমল বড়াৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পুত্রলিকা দাহ কৰে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই । বিভিন্ন শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই ।

তাৎপৰ্যপূৰ্ণ যে, অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনত মন্ত্ৰী বিমল বৰাই ক্ষুদ্ৰ চাহ খেতিয়কসকলে উৎপাদন কৰা চাহ পাত উন্নত মানৰ নহয় আৰু সেইবাবেই ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ উচিত মূল্য দিয়া নহয় বুলি মন্তব্য কৰাত জাঙুৰ খাই উঠিছে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা । মন্ত্ৰী বিমল বৰা মন্তব্যৰ পাছতে তিতাবৰ মহিমাবাৰীত শতাধিক ক্ষুদ্ৰ চাহ খেতিয়কৰ সহযোগত যোৰহাট জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই মন্ত্ৰী বিমল বড়াৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

অতি শীঘ্ৰে মুখ্যমন্ত্ৰীক বিষয়টো সন্দৰ্ভত এক সু-ব্যৱস্থা গ্ৰহণৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে । উল্লেখ্য যে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে কেঁচা পাতৰ উচিত মূল্য নোপোৱাৰ বাবে দীৰ্ঘদিন ধৰি আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি অহাৰ লগতে বহু সময়ত কেঁচা পাত পেলাই দিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । তেনে সময়ত উদ্যোগ মন্ত্রী বিমল বৰাই দায়িত্বজ্ঞানহীনভাৱে ক্ষুদ্ৰ চাহ খেতিয়কসকল সু-সংহতভাৱে সংঘবদ্ধ নহয় তথা ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা পাতৰ মানদণ্ড বেয়া বুলি যি মন্তব্য কৰিছে, সেইয়া ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে কেতিয়াও গ্রহণযোগ্য নহয় বুলি উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে ।

মন্ত্রীগৰাকীৰ এনে মন্তব্য বটলিক ফেক্টৰীসমূহৰ মালিকসকলে কোৱা ভাষ্যৰ দৰে হৈছে । লগতে মন্ত্রী বিমল বৰাই বটলিক ফেক্টৰীৰ স্পক পাৰ্চন হিচাপে কাম কৰিছে বুলি ক্ষুদ্ৰ চাহ খেতিয়কসকলে অনুমান কৰা বুলি মত প্ৰকাশ কৰে । মন্ত্ৰীগৰাকীৰ এনে মন্তব্যই কেঁচা পাতৰ মূল্য আৰু অধিক হ্ৰাস হোৱাতহে অৰিহণা যোগাব আৰু ইয়াৰ ফলত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পানীত হাঁহ নচৰা অৱস্থা হোৱাটো একপ্ৰকাৰ নিশ্চিত বুলি দাবী কৰে প্ৰতিবাদকাৰীসকলে ।

মন্ত্রীগৰাকীৰ এনে মন্তব্যই নিজৰ বিভাগৰ অধীনত থকা ক্ষুদ্ৰ চাহ খেতিয়কসকলক উচিত মূল্য দিয়াৰ পৰিবৰ্তে খেতিয়কে উচিত মূল্য লাভ নকৰাটো স্বীকাৰ কৰি নিজৰ বিভাগৰ ফোঁপোলা স্বৰূপটো উদঙাই দিয়া পৰিলক্ষিত হৈছে বুলিও যোৰহাট প্ৰেছ ক্লাৱত ১৩ ছেপ্টেম্বৰ অনুষ্ঠিত হোৱা এক সংবাদ মেলত এই মন্তব্য কৰিছিল সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ বিষয়ববীয়াই ।

লগতে পঢ়ক:Assam Assembly autumn session: মুখ্যমন্ত্ৰী পত্নীৰ ভূমি বিতৰ্ক তথা ১০ কোটিৰ ৰাজ সাহায্যক লৈ অচল সদন; ডেৰ ঘন্টাত তিনিবাৰ স্থগিত ঘোষণা

ABOUT THE AUTHOR

...view details