অসম

assam

ETV Bharat / state

মাইক্ৰ'ফাইনেন্স কোম্পানীৰ বিৰুদ্ধে টীয়কত প্ৰতিবাদী সমদল - মাইক্ৰ'ফাইনেন্স কোম্পানী

মাইক্ৰ'ফাইনেন্স কোম্পানীৰ বিৰুদ্ধে টীয়কৰ ৰাজপথলৈ ওলাই আহিল শ্ৰমিক, মহিলাৰ লগতে বিভিন্ন দল-সংগঠন। প্ৰতিবাদী সমদলত অংশগ্ৰহণ ক্ষোভিত টীয়কৰ ৰাইজৰ। টীয়কৰ কাকজানৰ কলা-কৃষ্টি কেন্দ্ৰত 'মহাগৰ্জন সভা' শীৰ্ষক প্ৰতিবাদী সভাৰ আয়োজন। সভাত সদৌ অসম চাহ জনগোষ্ঠী অধিকাৰ সংগ্ৰাম সমিতি, সন্মিলিত নাৰী অধিকাৰ সংগ্ৰাম সমিতি আৰু মাইক্ৰ'ফাইনেন্স শোষণ বিৰোধী সংগ্ৰামী মঞ্চৰ অংশগ্ৰহণ।

মাইক্ৰ'ফাইনেন্স কোম্পানীৰ বিৰুদ্ধে টীয়কত প্ৰতিবাদী সমদল
মাইক্ৰ'ফাইনেন্স কোম্পানীৰ বিৰুদ্ধে টীয়কত প্ৰতিবাদী সমদল

By

Published : Nov 13, 2020, 8:11 PM IST

টীয়ক, ১৩ নৱেম্বৰ: ঋণ দিয়াৰ পিছতে সুত আৰু ঋণ আদায়ক লৈ ঋণ লওতাৰ ওপৰত মাইক্ৰ'ফাইনেন্স কোম্পানীয়ে চলাই অহা শোষণৰ বিৰুদ্ধে বিগত কিছুদিন ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। শুক্ৰবাৰে যোৰহাটৰ টীয়কতো মাইক্ৰ'ফাইনেন্স কোম্পানীৰ বিৰুদ্ধে প্ৰতিবাদী সমদল উলিয়াই ক্ষোভ উজাৰে শ্ৰমিক, মহিলাৰ লগতে বিভিন্ন দল-সংগঠনে। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কাকজানৰ পৰা লাহদৈগড়লৈকে প্ৰতিবাদী সমদল উলিয়ায়।

মাইক্ৰ'ফাইনেন্স কোম্পানীৰ বিৰুদ্ধে টীয়কত প্ৰতিবাদী সমদল

মাইক্ৰ'ফাইনেন্স কোম্পানীবোৰ বন্ধ কৰক, আমাক ৰক্ষা কৰক, নহ'লে আমাক মাৰি পেলাওক, কা বাতিল কৰক, ভূমি আধ্যাদেশ আইন-২০২০ বাতিল কৰক, চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰক, কৃষক নেতা অখিল গগৈক বিনা চৰ্তে মুক্তি দিয়ক আদি শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তোলে। আনহাতে, সদৌ অসম চাহ জনগোষ্ঠী অধিকাৰ সংগ্ৰাম সমিতি, সন্মিলিত নাৰী অধিকাৰ সংগ্ৰাম সমিতি আৰু মাইক্ৰ'ফাইনেন্স শোষণ বিৰোধী সংগ্ৰামী মঞ্চৰ উদ্যোগত এখন সভাৰো আয়োজন কৰা হয়।

কাকজানৰ কলা-কৃষ্টি কেন্দ্ৰত 'মহাগৰ্জন সভা' শীৰ্ষক প্ৰতিবাদী সভাখনত অংশগ্ৰহণ কৰে কৃষক, শ্ৰমিক আৰু মহিলাসকলে। তেওঁলোকৰ দাবীসমূহ মানি নল'লে জংগী আন্দোলন গঢ়ি তোলাৰে হুংকাৰ দিয়ে।

লগতে পঢ়ক:মিৰ্জাত সাংবাদিক পৰাগ ভূঞাৰ হত্যাৰ দাবীত সাংবাদিকৰ মৌন প্ৰতিবাদ

ABOUT THE AUTHOR

...view details