অসম

assam

ETV Bharat / state

টীয়কত নিবনুৱা যুৱক-যুৱতীক স্বাৱলম্বী কৰাৰ প্ৰয়াস বিজেপিৰ - যুৱক-যুৱতী

টীয়কত নিবনুৱা যুৱক-যুৱতীৰ বাবে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে বিজেপিয়ে। স্বনিৰ্ভৰশীল হোৱাত সহায়ক হোৱাকৈ ১৩গৰাকী যুৱক-যুৱতীৰ মাজত বিনামূলীয়াকৈ Dual Powered Incubator যন্ত্ৰ আৰু Automatic Tray বিতৰণ কৰে।

টীয়কত নিবনুৱা যুৱক-যুৱতীক স্বাৱলম্বী কৰাৰ প্ৰয়াস বি জে পিৰ
টীয়কত নিবনুৱা যুৱক-যুৱতীক স্বাৱলম্বী কৰাৰ প্ৰয়াস বি জে পিৰ

By

Published : Oct 10, 2020, 5:33 PM IST

টীয়ক, ১০অক্টোবৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা 'আত্মনিৰ্ভৰ ভাৰত'ৰ অধীনত ৰাজ্য চৰকাৰে আৰম্ভ কৰা 'আত্মনিৰ্ভৰ অসম'ৰ অংশ হিচাপে টীয়কত ব্যৱসায়ৰে জড়িত সঁজুলি বিতৰণ কৰে বিজেপিৰ কলিয়াপানী মণ্ডলৰ কৰ্মকৰ্তাই। নিবনুৱা যুৱক-যুৱতীসকলক স্বনিৰ্ভৰশীল কৰাৰ উদ্দেশ্যৰে বিনামূলীয়াকৈ Dual Powered Incubator যন্ত্ৰ আৰু Automatic Tray বিতৰণ কৰা হয়।

কলিয়াপানী মণ্ডলৰ ১৩ গৰাকী যুৱক-যুৱতীৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰা হয় এই সঁজুলিসমূহ। সৌৰশক্তি আৰু বৈদ্যুতিক শক্তিৰে চালিত এই সঁজুলিৰ জৰিয়তে অতি সহজে হাঁহ, কুকুৰা আদিৰ কণী উমনি দিয়াই পোৱালি জগাই ব্যৱসায় কৰিব পাৰিব যুৱক-যুৱতীসকলে। টীয়কৰ কলিয়াপানী মণ্ডলৰ বিজেপিৰ কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য মনোজ বৰাৰ পৃষ্ঠপোষকতাত আয়োজিত এই অনুষ্ঠানত 'উত্তৰপূব নৱীকৰণযোগ্য গৱেষণা পৰীক্ষাগাৰ'ৰ কাৰ্যবাহী বিষয়া প্ৰকাশ সিঙো উপস্থিত থাকে।

লগতে কলিয়াপানী মণ্ডলৰ সভাপতি দীপক শইকীয়া, চিপাহীখোলা মণ্ডল বি জে পিৰ সভাপতি ৰাতুল বৰঠাকুৰকে প্ৰমুখ্য কৰি কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে।উল্লেখ্য যে,শুক্ৰবাৰে সমষ্টিটোৰ চিপাহীখোলা মণ্ডলৰ ১৩ গৰাকী যুৱক-যুৱতীকো এই যন্ত্ৰ প্ৰদান কৰা হয়।

লগতে পঢ়ক:ৰাইজৰ তৎপৰতাত কৰায়ত্ত এটিএম হেকাৰ

ABOUT THE AUTHOR

...view details