অসম

assam

ETV Bharat / state

জৈৱিক পাচলিৰে শিক্ষাৰ্থীক মধ্যাহ্ন ভোজন যোগান টীয়কৰ বিদ্যালয়ত - school

ব্য়তিক্ৰমী পদক্ষেপ গ্ৰহণেৰে চৰ্চালৈ আহিছে টীয়কৰ এখন প্ৰাথমিক বিদ্যালয় । জৈৱিক পদ্ধতিৰে বিদ্যালয় চৌহদত উৎপাদন কৰা শাক-পাচলিৰে মধ্যাহ্ন ভোজন যোগান ধৰা হয় ছাত্ৰ-ছাত্ৰীসকলক । বুধবাৰে ৰাজৈ বাগান প্ৰাথমিক বিদ্যালয়ৰ তোৰণখনো উন্মোচন কৰা হয় ।

ৰাজৈ বাগান প্ৰাথমিক বিদ্যালয়ৰ তোৰণ উন্মোচন
ৰাজৈ বাগান প্ৰাথমিক বিদ্যালয়ৰ তোৰণ উন্মোচন

By

Published : Nov 25, 2020, 6:21 PM IST

টীয়ক, ২৫ নৱেম্বৰ: কেৱল শিক্ষাই নহয়, বিদ্যালয়ত শিক্ষাৰ্থীক এমুঠি সুষম আহাৰ যোগানেৰে সু-স্বাস্থ্যৰ প্ৰতিও গুৰুত্ব দিয়া হয় যোৰহাটৰ টীয়কৰ এখন বিদ্যালয়ত । শৰীৰ সুস্থ হৈ থাকিলেহে ছাত্ৰ-ছাত্ৰীসকলে সুস্থ চিন্তা কৰিব পাৰিব বুলি বিশ্বাস কৰে টীয়কৰ ৰাজৈ বাগান প্ৰাথমিক বিদ্যালয় কৰ্তৃপক্ষই । সেয়ে, বিদ্যালয় চৌহদতে জৈৱিক পদ্ধতিৰে শাক-পাচলিৰ খেতি কৰা হৈছে আৰু এই পাচলি মধ্যাহ্ন ভোজনত ছাত্ৰ-ছাত্ৰীসকলক খাবলৈ দিয়া হয় । এনে ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা ৰাজৈ বাগান প্ৰাথমিক বিদ্যালয়ত এখন তোৰণ আজি উন্মোচন কৰা হয় ।

ৰাজৈ বাগান প্ৰাথমিক বিদ্যালয়ৰ তোৰণ উন্মোচন

ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ বিভাগৰ চতুৰ্থ বিত্তীয় আয়োগৰ পুঁজিৰে নিৰ্মিত বিদ্যালয়ৰ একাংশ পকী দেৱাল আৰু বিদ্যালয়ৰ তোৰণ আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় । লগতে মধ্যাহ্ন ভোজন বিভাগৰ জিলা আঁচনি বিষয়া অৰ্পিতা দত্তৰ উপস্থিতিত শীতকালীন বিভিন্ন শাক-পাচলিৰ বীজ সিঁচা হয় । উল্লেখ্য যে, বিদ্যালয়ৰ চৌহদতে প্ৰধান শিক্ষক নিৰঞ্জন ভূঞাৰ নেতৃত্বত শিক্ষক, কৰ্মচাৰী, অভিভাৱক তথা গাঁৱৰ ৰাইজৰ সহযোগত যোৱা ২০১৬ চনৰে পৰা বিভিন্ন শাক-পাচলি সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে খেতি কৰি জৈৱিক শাকনিবাৰী নাম দি ছাত্ৰ-ছাত্ৰীসকলক মধ্যাহ্ন ভোজনৰ বাবে যোগান ধৰি অহা হৈছে ।

মহামাৰী সংক্ৰমণৰ বাবে বিদ্যালয় বন্ধ থকাৰ বাবে গ্ৰীষ্মকালীন শস্যৰ বীজ সিঁচিব পৰা নহ'ল যদিও আজি শস্যৰ বীজ সিঁচে বিদ্যালয় কৰ্তৃপক্ষই । ছাত্ৰ-ছাত্ৰীসকলক সতেজ পাচলি খুওৱাৰ লগতে বিভিন্ন শাক-পাচলিৰ বিষয়ে জ্ঞান দিয়া, খেতি কৰাৰ পদ্ধতি তথা খেতিৰ ওপৰত ব্যৱহাৰিক জ্ঞান দিয়াৰ লক্ষ্যৰে এই ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰি অহা হৈছে বুলি মন্তব্য কৰে প্ৰধান শিক্ষকগৰাকীয়ে । বিদ্যালয়খনৰ এনে পৰিৱেশে শিক্ষা বিভাগৰ বিষয়াসকলকো আপ্লুত কৰিছে।

লগতে পঢ়ক:মৰিগাঁও ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী টাইগাৰ্ছ ক্লাৱ

ABOUT THE AUTHOR

...view details