যোৰহাট,১৫ এপ্ৰিলঃ আজি ব'হাগ মাহৰ প্ৰথমটো দিন । সমগ্ৰ ৰাজ্যজুৰি ৰঙালী বিহুৰ আনন্দ। সকলো ফালে ৰঙালী বিহুৰ সুবাস। বিভিন্ন জাতি জনজাতিৰ মিলন ভূমি ৰাজ্যখনত হেপাঁহৰ ৰঙালীৰ আনন্দ। বহুজনে আকৌ বোকা বিহুৰে পালন কৰিছে বিহুৰ প্ৰথমটো দিন। সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট জিলাৰ গাঁৱে-ভূঞে পৰম্পৰা ৰক্ষা কৰি পালন কৰে বোকা বিহু।
ৰাজ্যজুৰি ৰঙালী বিহুৰ উছাহ - বোকা বিহু
ব'হাগৰ পহিলা দিনটোত যোৰহাটৰ ঢেকীয়াখোৱা ইন্দিৰা আৰ্দশ গাঁৱৰ গঞাই আনন্দ-উল্লাসৰ মাজেৰে পালন কৰিলে পৰম্পৰাগত বোকা বিহু
ৰাজ্যজুৰি ৰঙালী বিহুৰ উছাহ
যোৰহাটৰ ঢেকীয়াখোৱা ইন্দিৰা আৰ্দশ গাঁৱৰ গঞাই পৰম্পৰাগত বোকা বিহু পালনৰ দৃশ্য। কুমাৰ সম্প্ৰদায়ৰ লোকসকলে হেঁপাহৰে পালন কৰে অসমীয়া সংস্কৃতিৰ অন্যতম এই বোকা বিহু। পৰম্পৰা অনুসৰি পূৰ্ব পুৰুষৰ দিনৰ পৰাই চলি আহিছে এই বোকা বিহু ৷