অসম

assam

By

Published : May 28, 2019, 1:36 PM IST

Updated : May 28, 2019, 2:33 PM IST

ETV Bharat / state

শামুকীয়া গতিত চলিছে পথ পুনৰ নিৰ্মাণৰ কাম

পথ নিৰ্মানৰ লগত জড়িত বিভিন্ন বিভাগ সমূহৰ মাজত সমন্বয়হীনতাৰ বাবে নিৰ্মানকাৰ্য অতিশয় মন্থৰ হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

লেহেম গতিত চলিছে যোৰহাট চহৰৰ বিভিন্ন পথ পুৰ্ণ নিৰ্মাণৰ কাম


যোৰহাট , 28 মে':যোৰহাট জিলাৰ কেইবাটাও গুৰুত্বপূৰ্ণ পথ আহল-বহল কৈ নিৰ্মাণৰ অৰ্থে কাম আৰম্ভ কৰা হৈছিল ৷ কিন্তু বিগত প্ৰায় এটা বছৰে কামৰ সন্তোষজনক অগ্ৰগতি নোহোৱাত সাধাৰণ ৰাইজে জীয়াতু ভুগিব লগীয়া হৈছে ৷ জিলা খনৰ বিভিন্ন বিভাগৰ সমন্বয়হীনতাৰ বাবে গুৰুত্বপূৰ্ণ পথ কেইটা নিৰ্মাণ নোহোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

শামুকীয়া গতিত চলিছে পথ পুৰ্ণ নিৰ্মাণৰ কাম

উল্লেখ্য যে, স্থানীয় বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ বিশেষ তৎপৰতাত নগৰখনৰ সদাব্যস্ত জে বি ৰোড , তৰুণৰাম ফুকন পথ আৰু বৰপাত্ৰ আলিৰ লগতে তুলসী নাৰায়ণ শৰ্মা পথকেইটাত আহল-বহলকৈ নলা-নৰ্দমা ব্যৱস্থা কৰি উন্নত ৰূপত নিৰ্মাণৰ বাবে আঁচনি গ্ৰহণ কৰা হৈছিল ৷ সেই মতে কাম আৰম্ভ কৰি নিৰ্ধাৰিত সময়তকৈ বহু পলমকৈ হলেও বিভিন্ন বিভাগৰ টনা-আজোৰাৰ মাজৰে , বৰপাত্ৰ আলিৰ সৈতে মালৌআলি-তিনিআলি পৰ্যন্ত সংযোগ হোৱা তুলসী নাৰায়ণ শৰ্মা পথটো সম্পূৰ্ণ হৈ উঠিছে যদিও এতিয়াও 20 শতাংশ নিৰ্মাণৰ কাম বাকী আছে ।

ইফালে জে বি ৰোড আৰু তৰুণৰাম ফুকন পথ দুটিও উন্নত ৰূপত পদপথ সংলগ্ন কৰি আহল-বহল কৈ নিৰ্মাণ বাবে গড়কাপ্টানী বিভাগে কাম আৰম্ভ কৰে ৷ কিন্তু অভিযোগ অনুসৰি পথ দুটাৰ স'তে জড়িত হৈ থকা জনস্বাস্থ্য কাৰিকৰী বিভাগ, পৌৰসভা , বন বিভাগ , শক্তি বিভাগ, আৰবান ৱাটাৰ , আদিয়ে সময় মতে পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ কৰ্মচাৰী তথা সংশ্লিষ্ট বিভাগৰ স'তে প্ৰয়োজনীয় সহযোগ নকৰাৰ ফলত উক্ত পথ দুটাৰ নিৰ্মানকাৰ্য অতিশয় মন্থৰ হৈ পৰিছে ৷

Last Updated : May 28, 2019, 2:33 PM IST

ABOUT THE AUTHOR

...view details