যোৰহাট, ৯ অক্টোবৰ:অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞানীসকলে দীৰ্ঘদিনীয়া গৱেষণাৰ জৰিয়তে উদ্ভাৱন কৰা তিনিটা ধানৰ জাত আৰু তিনিটা মাহজাতীয় শস্যৰ জাতে সৰ্বভাৰতীয় অনুমোদন লাভ কৰিবলৈ সক্ষম হৈছে । ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অন্তৰ্গত কেন্দ্ৰীয় কৃষি জাত অনুমোদন সমিতিয়ে অসমৰ কৃষি বিজ্ঞানীৰ গৱেষণাৰ ফচল এই জাতকেইটাত অনুমোদন জনাইছে । অনুমোদিত উচ্চ উৎপাদনক্ষম শালি ধানৰ জাতকেইটা হ'ল পাটকাই, শতাব্দী আৰু প্ৰচুৰ । আনহাতে মাহজাতীয় শস্যৰ জাতকেইটাৰ ভিতৰত মটৰ মাহৰ জাত জেউতি, মগুমাহৰ জাত বুৰৈ আৰু মাটিমাহৰ জাত পাভৈ কেন্দ্ৰীয়ভাৱে অনুমোদিত হৈছে ।
অসম কৃষি বিশ্ববিদ্যালয়ৰ তিতাবৰস্থিত অসম ধান গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানীসকলে উদ্ভাৱন কৰা 'পাটকাই' জাতটো বেক্টেৰিয়াজনিত ব্লাইট প্ৰতিৰোধী হোৱাৰ লগতে ত্ৰিস্তৰীয় সুৰক্ষা প্ৰদান কৰে । অসমত খেতি কৰিবলৈ অতি উপযোগী এই জাতটোৰ সময়সীমা ১৫০ দিন আৰু গড় উৎপাদন হেক্টৰত ৫.৫-৬.০ টন ।
আনহাতে, 'শতাব্দী' জাতটো মিছা স্মাটৰ প্ৰতিৰোধী আৰু বেক্টেৰিয়াৰ পাতৰ ব্লাইট, শ্বীথ ব্লাইট, আৰু ষ্টেম ব'ৰাৰৰ প্ৰতি মধ্যমীয়া প্ৰতিৰোধী অধিক উৎপাদনক্ষম । ইয়াৰ গড় উৎপাদন প্ৰতি হেক্টৰত ৬.০-৬.৫ টন আৰু ইয়াৰ সময়সীমা ১৫০-১৫৫ দিন । 'প্ৰচুৰ' জাতটো মিছা স্মাটৰ প্ৰতিৰোধী আৰু শ্বীথ ব্লাইট, ষ্টেম ব'ৰাৰৰ আৰু বেক্টেৰিয়াল লিফ ব্লাইটৰ প্ৰতি মধ্যমীয়া প্ৰতিৰোধী ইয়াৰ গড় উৎপাদন ৬.০-৬.৫ টন প্ৰতি হেক্টৰ আৰু ইয়াৰ সময়সীমা ১৫০-১৫৫ দিন ।