তিতাবৰ, 8 জানুৱাৰীঃপ্ৰতিবছৰৰ দৰে এই বৰ্ষটো তিতাবৰৰ অসম নাগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চল শিলডুবিত তিনিদিনীয়া কাৰ্যসূচীৰে চতুৰ্থ বাৰ্ষিক শিলডুবি চাংপাং নৰ্থ ইষ্ট এথনিক ফেষ্টিভেল অনুষ্ঠিত কৰা হৈছে। এই ফেষ্টিভেলৰ জৰিয়তে সাতভনীৰ সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে ৷
অসমীয়া আৰু নগাৰ মিলন ভূমিত পৰিণত হৈছে শিলডুবি - শিলডুবি চাংপাং নৰ্থ ইষ্ট এথনিক ফেষ্টিভেল
তিতাবৰৰ অসম নাগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চল শিলডুবিত তিনিদিনীয়া কাৰ্যসূচীৰে চতুৰ্থ বাৰ্ষিক শিলডুবি চাংপাং নৰ্থ ইষ্ট এথনিক ফেষ্টিভেল অনুষ্ঠিত কৰা হৈছে৷ এই মহোৎসৱত বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰ পোৱা গৈছে ৷
![অসমীয়া আৰু নগাৰ মিলন ভূমিত পৰিণত হৈছে শিলডুবি north east festival](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5637623-468-5637623-1578473179344.jpg)
তিনিদিনীয়া কাৰ্যসূচীৰ এই মহোৎসৱত কেইবাখনো ৰাজ্যৰ লোক উপস্থিত হৈছে ৷ এই মহোৎসৱত বিভিন্ন জনগোষ্ঠীয় কলা সংস্কৃতি,কলা কৌশল, বস্ত্ৰ তাঁত শিল্পৰ প্ৰদৰ্শনী কৰা হৈছে ৷ অসমীয়া আৰু ডালিমী দেশৰ মাজত সম্প্ৰীতিৰ এনাজৰী অধিক কটকটীয়া কৰাটোৱে এই মহোৎসৱৰ মূল উদ্দেশ্য ৷ ইপিনে বিভিন্ন জনজাতীয় খাদ্য সম্ভাৰে দৰ্শক ৰাইজক আকৰ্ষিত কৰিছে ৷ আনহাতে বিভিন্ন ৰাজ্যৰ পৰা অহা হাজাৰ হাজাৰ দৰ্শকে ভিৰ কৰিছেহি প্ৰাকৃতিক সন্দৰ্যৰে ভৰপূৰ শিলডুবিত। যেন অসমীয়া আৰু নগাৰ মিলন ভূমিত পৰিণত হৈছে মহোৎসৱথলী ৷
লগতে পঢ়ক - আজি ভাৰত বন্ধঃ ৰাজ্যৰ ঠায়ে-ঠায়ে সৰ্বাত্মক প্ৰভাৱ