টীয়কত চুটি ছবি মহোৎসৱ আৰু প্ৰতিযোগিতা - চুটি ছবি
শনিবাৰে প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ল চুটি ছবি মহোৎসৱ আৰু প্ৰতিযোগিতা ৷ প্ৰতিযোগিতাখনৰ সমান্তৰালকৈ তিনিখন ৰাষ্ট্ৰীয় পুৰষ্কাৰপ্ৰাপ্ত চুটি ছবিৰ প্ৰদৰ্শন কৰা হয় ৷

যোৰহাট,6এপ্ৰিল: যোৰহাটৰ টীয়কত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ল চুটি ছবি মহোৎসৱ আৰু প্ৰতিযোগিতা ৷ শনিবাৰে টীয়কৰ জ্যোতি বিদ্যাপীঠ প্ৰেক্ষাগৃহত বৰলুইত নামেৰে অনুষ্ঠিত এই চুটি ছবি মহোৎসৱ আৰু প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ সাতখন চুটি ছবি প্ৰদৰ্শন কৰা হয় ৷ লগতে প্ৰতিযোগিতাখনৰ সমান্তৰালকৈ ৰাজ্যিক তথা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুৰস্কাৰ প্ৰাপ্ত তিনিখনকৈ চুটি ছবিৰো প্ৰদৰ্শন কৰা হয় । টীয়কৰ fx10,2A picture& multimedia, natural moment আৰু click world নামৰ অনুষ্ঠানকেইটাৰ উদ্যোগত আয়োজিত এই মহোৎসৱত আসাম ফ্লিম ছ'চাইটিৰ কেইবাজনো সদস্য জুৰি হিচাপে উপস্থিত থাকি ৰাইজৰ লগত চিনেমা সম্পৰ্কে মত বিনিময় কৰে । প্ৰথমবাৰৰ বাবে টীয়কত হোৱা এই অনুষ্ঠানে ৰাইজৰ মাজত যথেষ্ট সহাৰি লাভ কৰা পৰিলক্ষিত হয় ।