অসম

assam

ETV Bharat / state

বহুকেইটা দাবীৰে যোৰহাটত এছ এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী - SFI protest at Jorhat

দেবাংগনা কলিতা আৰু নাতাচা নাৰোৱালকে ধৰি সকলো"কা"বিৰোধী আন্দোলনকাৰীক বিনাচৰ্তে মুক্তি দিয়াৰ দাবী জনাইছে সংগঠনটোৱে ৷ ইয়াৰ উপৰিও হাজোৰ সনাতন ডেকা আৰু চাবুৱাৰ পৰাগজ্যোতি নেওগৰ হত্যাৰ তথা নলবাৰীৰ হিৰণ্য শৰ্মাৰ নিৰ্যাতনৰ ঘটনাৰ উচিত তদন্ত ঘোষণা কৰি দোষীক শাস্তি প্ৰদানৰ দাবী জনাইছে সংগঠনটোৰ সদস্য সকলে ৷

SFI protest at Jorhat
বহুকেইটা দাবীৰে যোৰহাটত এছ এফ ফাই প্ৰতিবাদী কাৰ্যসূচী

By

Published : May 29, 2020, 4:24 PM IST

যোৰহাট, 29 মে': লক ডাউনৰ মাজতে কেইবাটাও দাবীৰে যোৰহাটত এছ এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী ৷ দেবাংগনা কলিতা আৰু নাতাচা নাৰোৱালকে ধৰি সকলো"কা"বিৰোধী আন্দোলনকাৰীক বিনাচৰ্তে মুক্তি দিয়াৰ দাবী জনাইছে সংগঠনটোৱে ৷ ইয়াৰ উপৰিও হাজোৰ সনাতন ডেকা আৰু চাবুৱাৰ পৰাগজ্যোতি নেওগৰ হত্যাৰ তথা নলবাৰীৰ হিৰণ্য শৰ্মাৰ নিৰ্যাতনৰ ঘটনাৰ উচিত তদন্ত ঘোষণা কৰি দোষীক শাস্তি প্ৰদানৰ দাবী জনাইছে সংগঠনটোৰ সদস্য সকলে ৷

বহুকেইটা দাবীৰে যোৰহাটত এছ এফ ফাই প্ৰতিবাদী কাৰ্যসূচী

ইয়াৰ উপৰিও দিহিং পাটকাই সংৰক্ষিত বনাঞ্চল তথা বৰ্ষাৰণ্যখনত কয়লাৰ মুক্ত খনন বন্ধ কৰা আৰু ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত হাইড্ৰকাৰ্বন নিষ্কাষণ বন্ধ কৰাৰ দাবী জনাইছে সংগঠনটোৱে ৷ লগতে নতুনকৈ ৰাজ্যৰ সাত খন তৈলক্ষেত্ৰ ব্যক্তিগতকৰণৰ সিদ্ধান্ত বাতিল কৰা আৰু সাংবাদিক ৰঞ্জিতা ৰাভাক পুনৰ সংস্থাপন দিয়াৰ লগতে সকলো সাংবাদিকৰ জীৱন জীৱিকা সুৰক্ষিত কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে এছ এফ আইৰ কৰ্মকৰ্তা সকলে ৷

লগতে পঢ়কঃ মৰিয়নীত তিনিখন ৰে'লযোগে উপস্থিত বহিঃৰাজ্যৰ 58 গৰাকী যাত্ৰী

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details