অসম

assam

ETV Bharat / state

নিৰ্বাচনৰ প্ৰাকক্ষণত ভোটাৰক প্ৰতিশ্ৰুতি প্ৰদান হিতেন্দ্ৰ নাথ গোস্বামীৰ - অভিলাষি আঁচনি

বিগত সময়চোৱাত যিমান প্ৰতিশ্ৰুতি দিছিল তাৰ ভিতৰত প্ৰায় আশী শতাংশ কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হ’ল হিতেন্দ্ৰ নাথ গোস্বামী । আগন্তুক পাঁচ বছৰত যোৰহাটৰ পঞ্চায়ত এলেকাত কোনোধৰণৰ কেচা পথ নাথাকিব বুলি ঘোষণা প্ৰতিশ্ৰুতি দিয়ে হিতেন্দ্ৰ নাথ গোস্বামীয়ে ৷

হিতেন্দ্ৰ নাথ গোস্বামীৰ নিৰ্বাচনৰ প্ৰাকক্ষণত কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান
হিতেন্দ্ৰ নাথ গোস্বামীৰ নিৰ্বাচনৰ প্ৰাকক্ষণত কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান

By

Published : Mar 17, 2021, 5:08 PM IST

যোৰহাট,17 মাৰ্চঃ যোৰহাট বিধানসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীৰ সংবাদমেল সম্বোধন । বিগত সময়চোৱাত যিমান প্ৰতিশ্ৰুতি দিছিল তাৰ ভিতৰত প্ৰায় 80 শতাংশ কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হোৱাৰ কথা সদৰী কৰে গোস্বামীয়ে । আগন্তুক 5 বছৰত যোৰহাটৰ পঞ্চায়ত এলেকাত কোনোধৰণৰ কেঁচা পথ নাথাকিব বুলি সংবাদমেল যোগে ঘোষণা কৰে হিতেন্দ্ৰ নাথ গোস্বামীয়ে । একেদৰে যোৰহাট বিধানসভা সমষ্টিৰ ৰাইজলৈ অনুৰোধ যদি পুনৰ নিৰ্বাচিত হয়, তেনেহলে বাকী থকা উন্নয়নমূলক কামৰ বাহিৰেও এইবাৰ বহুকেইটা উন্নয়ন সাধন কৰা চেষ্টা কৰিব বুলি উল্লেখ কৰে ।

হিতেন্দ্ৰ নাথ গোস্বামীৰ নিৰ্বাচনৰ প্ৰাকক্ষণত কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান

তাৰ ভিতৰত গ্ৰেটাৰ চাৰিগাঁও পানী যোগান আঁচনিৰ আৰ্হিত যোৰহাট নগৰৰ প্ৰতিটো পৰিয়াল লৈ আৰ্চেনিকমুক্ত বিশুদ্ধ খোৱাপানী যোগান ব্যৱস্থা । ইতিমধ্যে তাৰ বাবে ১১৬ কোটিৰ এক অভিলাষী আঁচনি কেন্দ্ৰীয় চৰকাৰলৈ অনুমোদনৰ বাবে প্ৰেৰণ কৰিছে । ৫৭ কোটিৰ ব্যয়ৰে ভোগদৈ River Front সম্পূৰ্ণ কৰা লগতে টোকোলাইক পুনৰুজ্জীৱিত কৰা । মহিলা বহু মহলীয়া বজাৰ খনৰো টেণ্ডাৰ সম্পূৰ্ণ হ’ল । প্ৰায় ২৬ কোটি টকাৰ এই বহু মহলীয়া বজাৰখনৰ গ্ৰাউণ্ডত ২০০ খন বাহন পাৰ্কিং ব্যৱস্থা কৰা ৷ যোৰহাটৰ ৰাইজৰ বাবে ২৪×৭ জৰুৰীকালীন ভ্ৰাম্যমাণ চিকিৎসা গোট, Advance cardiac life support আৰু ICU ব্যৱস্থা । চৰকাৰী বিদ্যালয় সমূহৰ শিক্ষাৰ মানদণ্ড উন্নত কৰা বাবে যোৰহাটৰ বিদ্যালয় সমূহত বিধায়কৰ বিশেষ গুণোৎসৱৰ ব্যৱস্থা কৰা । ঘৰে ঘৰে এলপিজি গেছৰ পাইপ সেৱাৰ ব্যৱস্থা কৰা । সৰ্বমুঠ ২০ টা নতুন প্ৰতিশ্ৰুতিৰে যোৰহাটৰ বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীয়ে এইবাৰ ভোটাৰ ৰাইজক আৰ্কষণ কৰাৰ চেষ্টা কৰিছে ।

উল্লেখযোগ্য যে, বিগত সময়চোৱাত জনতাৰ লগত সম্পৰ্ক ছেদ হোৱা বিধায়কগৰাকীক যোৰহটীয়া ৰাইজে কেনেদৰে গ্ৰহণ কৰে সেইয়া ২ মে'ত গম পোৱা যাব ৷

লগতে পঢ়কঃ মাহমৰাত কংগ্ৰেছ প্ৰাৰ্থী সূৰুজ দিহিঙীয়াৰ নিৰ্বাচনী প্ৰচাৰ

ABOUT THE AUTHOR

...view details