অসম

assam

ETV Bharat / state

টীয়কৰ কুলি পেহীক সহায়ৰ হাত দল-সংগঠনৰ - ছ'চিয়েল মিডিয়া

টীয়ক কাৱৈমাৰি কলবাৰীৰ প্ৰায় ৭০ বছৰীয়া এগৰাকী দুৰ্ভগীয়া বৃদ্ধা ৷ নাম কলি পেহী ৷গোহালী সদৃশ এটা ঘৰতে পেহীগৰাকী জীৱন -যাপন ৷ সৰু ভগা জুপুৰীটোৰ ভগা বেৰৰ মাজেদি বাৰিষাৰ বিজুলীৰ পোহৰে নিতৌ উজাগৰী নিশা কটাই পেহীগৰাকীয়ে ৷কিন্তু কিছুদিন পূৰ্বে পেহীগৰাকীয়ে ,"বোপাইহঁত তঁহতি মোক কিবা এটা কৰি দে " বুলি কাতৰ আহ্বান জনাইছিল ৷ পেহীগৰাকীৰ এই আহ্বান ভাইৰেল হৈ পৰিছিল ছ'চিয়েল মিডিয়াত ৷

several organizations helped  a helpless women
টীয়কৰ কুলি পেহীক সহায়ৰ হাত দল-সংগঠনৰ

By

Published : May 19, 2020, 4:23 PM IST

টীয়ক,19মে':ৰাজ্যত পুনৰ উন্মোচন হৃদয়বিদাৰক ছবি ৷ এইবাৰ টীয়কত দেখা পোৱা গ'ল হৃদয় কঁপাই যোৱা কৰুণ দৃশ্য ৷ টীয়ক কাৱৈমাৰি কলবাৰীৰ প্ৰায় ৭০ বছৰীয়া এগৰাকী দুৰ্ভগীয়া বৃদ্ধা ৷ নাম কলি পেহী ৷দুখৰ মাজতো হাঁহিৰেই সকলোকে আপ্যায়ন পেহীগৰাকীৰ৷ গোহালী সদৃশ এটা ঘৰতে পেহীগৰাকী জীৱন -যাপন ৷ সৰু ভগা জুপুৰীটোৰ ভগা বেৰৰ মাজেদি বাৰিষাৰ বিজুলীৰ পোহৰে নিতৌ উজাগৰী নিশা কটাই পেহীগৰাকীয়ে ৷

টীয়কৰ কুলি পেহীক সহায়ৰ হাত দল-সংগঠনৰ

কিছুদিন পূৰ্বে পেহীগৰাকীয়ে ,"বোপাইহঁত তঁহতি মোক কিবা এটা কৰি দে " বুলি কাতৰ আহ্বান জনাইছিল ৷ পেহীগৰাকীৰ এই আহ্বান ভাইৰেল হৈ পৰিছিল ছ'চিয়েল মিডিয়াত ৷ তাৰপিচতে টীয়কৰ কুলি পেহীক সহায় কৰিবলৈ আগবাঢ়ি আহিল টীয়ক আঞ্চলিক চুতীয়া ছাত্ৰ সন্থা আৰু বীৰ লাচিত সেনাৰ টীয়ক জিলাৰ সদস্য সকল ৷ দুয়োটা সংগঠনৰ সদস্যসকল কুলি পেহীৰ বাসগৃহত উপস্থিত হৈ মেৰামতি কৰে বাসগৃহ ৷ ইপিনে এই দুই সংগঠনৰ মহানুভাৱতাই যেনেকৈ সমাজত এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে সেই সময়ত কিন্তু উন্নয়নকামী ৰজাঘৰৰ চকুত এতিয়াও পৰা নাই দৰিদ্ৰ লোকসকল ৷ উল্লেখযোগ্য যে, বৃদ্ধাগৰাকীয়ে অনাময় আঁচনিৰ ধন লাভ কৰিছিল যদিও সেই ধন আত্মসাৎ কৰিলে একাংশই ৷

টীয়কৰ কুলি পেহীক সহায়ৰ হাত দল-সংগঠনৰ

আনহাতে, কুলি পেহীয়ে সংগঠন দুটাৰ সহায় পাই সেই সুখতে কান্দি উঠিল হুকহুকাই ৷ "মানুহে ভাৱিছে আনন্দৰ হাঁহি,এইয়া চকুপানী ওলাইছে দেখিছে নাই"বুলি আৱেগিক হৈ সাংবাদিকক ক'লে কলি পেহীয়ে ৷ লকডাউনৰ মাজতে মানৱীয় প্ৰমূল্যবোধৰ এই ছবি এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে টীয়কত ৷

লগতে পঢ়কঃকেইবাটাও গুৰুত্বপূৰ্ণ অৰ্থনৈতিক ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ABOUT THE AUTHOR

...view details