অসম

assam

By

Published : Feb 18, 2021, 5:38 PM IST

ETV Bharat / state

SI নিযুক্তি: একে গাঁৱৰে 7 গৰাকী আৰু একে পৰিয়ালৰে 3 গৰাকীয়ে পালে নিযুক্তি

সম্প্ৰতি ঘোষণা কৰা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদত নিযুক্তি লাভ কৰিলে একেখন গাঁৱৰে সাত গৰাকীকৈ যুৱক আৰু যুৱতীয়ে ৷ সম্পূৰ্ণ যোগ্যতা আৰু দক্ষতাৰ ভিত্তিত নিযুক্তি লাভ কৰি সুখী এইসকল যুৱক যুৱতী ৷ পশ্চিম যোৰহাটৰ সকাই খঙীয়া গাঁৱৰ এই যুৱক যুৱতীৰ দলটোৱে পৰীক্ষাৰ বাবে একেলগে চলাইছিল প্ৰস্তুতি ৷ ইয়াৰ তিনিগৰাকী একেটা পৰিয়ালৰ ৷ যুৱক যুৱতী কেইগৰাকীৰ এই সফলতাত সুখী গাঁওবাসীৰ লগতে সকলো ৰাইজ ৷

As_jrt_01_assam_police_si_recruitment_vis_AS10039
seven youth from same village appointed as si in assam police

যোৰহাট, 18 ফেব্ৰুৱাৰী:এক ইতিবাচক খবৰে যোৰহাটবাসীৰ লগতে সমগ্ৰ অসমৰ যুৱ প্ৰজন্মৰ বাবে কঢ়িয়াই আনিছে এক আশাৰ বতৰা ৷ সম্প্ৰতি ঘোষণা কৰা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক (SI) পদৰ নিযুক্তি পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ আশাৰ বতৰা কঢ়িয়াই আনিছে যোৰহাট জিলাৰ একেখন গাঁৱৰে 7 গৰাকীকৈ যুৱক যুৱতীয়ে ৷

সম্পূৰ্ণ যোগ্যতা আৰু দক্ষতাৰ ভিত্তিত অসম আৰক্ষীৰ SI পদৰ বাবে নিৰ্বাচিত হৈ অতি সুখী যোৰহাটৰ সকাই খঙীয়া গাঁৱৰ এই সাত গৰাকী যুৱক যুৱতী ৷ যোৰহাটৰ সকাই খঙীয়া গাঁৱৰ অতি সাধাৰণ পৰিয়ালৰ এই সাত গৰাকী যুৱক যুৱতীয়ে সম্পূৰ্ণ নিকা পদ্ধতিৰে লাভ কৰা এই সফলতাত এতিয়া গাঁওবাসীৰ লগতে সকলো লোকেই আনন্দ প্ৰকাশ কৰিছে ৷

একে গাঁৱৰে 7 গৰাকী আৰু একে পৰিয়ালৰে 3 গৰাকীয়ে পালে নিযুক্তি

SI পদবীৰ বাবে নিৰ্বাচিত হোৱা এই যুৱক যুৱতী কেইগৰাকী একেখন গাঁৱৰে হোৱাৰ লগতে ইয়াৰে তিনিগৰাকী একেটা পৰিয়ালৰ ৷ সফল যুৱক যুৱতী কেইগৰাকীয়ে মন্তব্য কৰে যে, মনত একাগ্ৰতা থাকিলে সকলো কথাই এটা সময়ত গৈ সেয়া সম্ভৱপৰ হৈ উঠে ৷ তেওঁলোকে জানিবলৈ দিয়া মতে, পৰীক্ষাৰ বাবে তেওঁলোক আটায়ে একেলগে মিলি প্ৰস্তুতি চলাইছিল আৰু অৱশেষত আটাইকেইজনে একেলগে সফলতা লাভ কৰিবলৈও সক্ষম হয় ৷

উল্লেখ্য যে, শেহতীয়াকৈ বহু বিতৰ্কৰ মাজত সোমাই পৰিছিল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাবে অনুষ্ঠিত হোৱা নিযুক্তি পৰীক্ষা ৷ প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনাই আশাহত কৰি তুলিছিল ৰাজ্যখনৰ বহু শিক্ষিত নিবনুৱা যুৱক যুৱতীক ৷ কিন্তু, চৰকাৰে উক্ত ঘটনাৰ তদন্ত ঘোষণা কৰি অসম আৰক্ষীৰ উপ-পৰিদৰ্শক (SI) পদৰ বাবে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰিছিল ৷ উক্ত পৰীক্ষাতে সম্পূৰ্ণ স্বচ্ছ আৰু নিকা পদ্ধতিৰে নিযুক্তি লাভ কৰা পশ্চিম যোৰহাটৰ সকাই খঙীয়া গাঁৱৰ এই কেইগৰাকী যুৱক যুৱতীৰ সাফল্যই এতিয়া বহু নিবনুৱা যুৱক যুৱতীক ন উদ্যমেৰে আগবাঢ়িবলৈ অনুপ্ৰেৰণা যোগাব বুলি আশা প্ৰকাশ কৰা হৈছে ৷

লগতে পঢ়ক:ধনৰ বিনিময়ত প্ৰাৰ্থীত্ব প্ৰদান নকৰে অসম জাতীয় পৰিষদে

ABOUT THE AUTHOR

...view details