অসম

assam

By

Published : Jun 25, 2022, 5:12 PM IST

ETV Bharat / state

Sensational murder in Jorhat: ঘৰৰ ভিতৰত উদ্ধাৰ এটা পৰিয়ালৰ তিনি সদস্যৰ মৃতদেহ

এক লোমহৰ্ষক হত্যাকাণ্ডই জোকাৰি গৈছে যোৰহাট জিলা (Sensational murder in Jorhat)। নিশা একেটা পৰিয়ালৰে তিনি সদস্যক কোনো লোকে ঘৰৰ ভিতৰতে হত্যা কৰি থৈ যায় । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

Sensational murder in Jorhat
ঘৰৰ ভিতৰত উদ্ধাৰ এটা পৰিয়ালৰ তিনি সদস্যৰ মৃতদেহ

যোৰহাট, ২৫ জুন :যোৰহাটৰমৰিয়নিত লোমহৰ্ষক ঘটনা (Murder case in Jorhat)। মৰিয়নি নকছাৰি খাটিচোনাত সংঘটিত হত্যাকাণ্ডই সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘৰৰ ভিতৰত উদ্ধাৰ এটা পৰিয়ালৰ তিনি সদস্যৰ মৃতদেহ (Body of a family recovered inside house)। অৰ্ধনগ্ন অৱস্থাত দুগৰাকী মহিলাসহ এজন পুৰুষৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগে অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে ।

ইফালে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে । ঘটনাৰ ৰহস্য ফাদিলৰ বাবে স্নিফাৰ ডগৰ সহায়ত আৰক্ষীয়ে অনুসন্ধান চলাইছে । তিনিওটা মৃতদেহ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । কিন্তু এতিয়ালৈ আৰক্ষীয়ে ঘটনাটোৰ সৈতে জড়িত কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই ।

Sensational murder in Jorhat : ঘৰৰ ভিতৰত উদ্ধাৰ এটা পৰিয়ালৰ তিনি সদস্যৰ মৃতদেহ

জানিব পৰা মতে লক্ষীপুৰৰ পৰা আহি জীৱন লাহন নামৰ এজন লোকৰ ইটা ভাটাত ভাটা ৰখীয়া হিচাপে আছিল পৰিয়ালটো ৷ আৰক্ষীৰ শীৰ্ষ বিষয়াসকলো ঘটনাস্থলীত উপস্থিত হৈছে । ঘটনাৰ পাছতে যোৰহাট জিলা আৰক্ষী অধীক্ষক মোহন লাল মিনাও উক্ত স্থানত উপস্থিত হৈ তদন্ত ক্ষিপ্ৰতৰ কৰাৰ নিৰ্দেশ দিছে ।

আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে এয়া হত্যাকাণ্ড আৰু ইতিমধ্যে আৰক্ষীয়ে এখন চোকা অস্ত্ৰও উদ্ধাৰ কৰিছে । অতি শীঘ্ৰে ঘটনাৰ অপৰাধী আটক কৰা হ'ব বুলিও তেওঁ আশ্বাস প্ৰদান কৰে । আনহাতে মহিলা দুগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয় লোকসকলে । অৱশ্যে এই সন্দৰ্ভত মৰণোত্তৰ পৰীক্ষাৰ পাছতহে সঠিকভাৱে ক'ব পৰা যাব বুলি বিষয়াগৰাকীয়ে উল্লেখ কৰিছে । হত্যাৰ বলি হোৱা লোক কেইগৰাকী সোনতি বৰা, জীয়াৰী মনালিছা বৰা আৰু মাতৃ তুলু বৰা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :Mysterious Death in Guwahati : ইছাক মাৰাকৰ হত্যাকাণ্ডৰ সন্দৰ্ভত আটক 10 অভিযুক্ত

ABOUT THE AUTHOR

...view details