যোৰহাট, ২৮ অক্টোবৰ: অসমৰ ফুটবল খেলুৱৈৰ বাবে এক ইতিবাাচক খবৰ । ৰাষ্ট্ৰীয় ফুটবল দলত অসমৰ দক্ষ খেলুৱৈক স্থান দিয়াৰ বাবে আগবাঢ়ি আহিছে সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যন । বুধবাৰে যোৰহাটত জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ উদ্যোগত আৰু অসম ফুটবল সন্থাৰ তত্বাৱধানত ভাৰতীয় ৰাষ্ট্ৰীয় দলৰ বাচনি শিবিৰ আয়োজন কৰা হয় । এই কাৰ্যসূচীত উজনি অসমৰ বিভিন্ন জিলাৰ যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে ।
যোৰহাটত ৰাষ্ট্ৰীয় ফুটবল দলৰ বাচনি শিবিৰ - যোৰহাট
ৰাষ্ট্ৰীয় ফুটবল দলৰ বাবে বাচনি প্ৰক্ৰিয়া আৰম্ভ । বুধবাৰে যোৰহাটত বাচনি শিবিৰ আয়োজন কৰা হয় । ৰাষ্ট্ৰীয় ফুটবল দলৰ বাবে দক্ষ খেলুৱৈ বাচনি কৰিবলৈ এই অনুষ্ঠানত অংশ লয় হিমাচল প্ৰদেশ আৰু গোৱাৰ দুগৰাকী অভিজ্ঞ প্ৰশিক্ষকে ।
২০০৫-২০০৭ চনৰ ভিতৰত জন্মগ্ৰহণ কৰা উজনি অসমৰ কেইবাখনো জিলাৰ যুৱক-যুৱতীয়ে অংশ লয় । প্ৰতিভাৱান খেলুৱৈসকলক বাচনি কৰিবলৈ হিমাচল প্ৰদেশ আৰু গোৱাৰ পৰা আহি দুজন অভিজ্ঞ প্ৰশিক্ষক ক্ৰমে মহম্মদ আলী আৰু কান্নান প্রিয়কালো যোৰহাটত অনুষ্ঠিত এই অনুষ্ঠানত উপস্থিত থাকে । আনহাতে, ৰাষ্ট্ৰীয় দলৰ বাচনি শিবিৰ উদ্বোধন কৰে অসম ফুটবল সন্থাৰ সভাপতি নৱ কুমাৰ দলেই ।
এই বাচনি প্ৰক্ৰিয়াই সুদক্ষ খেলুৱৈসকলক আগবাঢ়ি যোৱাত সহায় কৰাৰ লগতে উৎসাহিত কৰিব বুলিও আশা কৰা হৈছে ।
লগতে পঢ়ক:নগাঁৱত পুনৰ আৰক্ষীৰ গুলীচালনা; আহত ড্ৰাগছ মাফিয়া চিৰাজুল