অসম

assam

ETV Bharat / state

Republic Day 2023: মৰিয়নি সীমান্তৱৰ্তী অঞ্চলত নিছিদ্ৰ তালাচী অভিযান - Republic day preparation in Mariani

গণৰাজ্য দিৱসলৈ মাজত মাথো কেইটামান দিন । গণৰাজ্য দিৱসত যাতে কোনো দুস্কৃতিকাৰীয়ে কূটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ বাবে অসম নাগালেণ্ড সীমান্তৱৰ্তী মৰিয়নিৰ বিভিন্ন স্থানত অধিক কটকটীয়া কৰি তোলা হৈছে তালাচী ব্যৱস্থা (Security tighten in Mariani ahead of Republic Day) ।

Tightens security in Mariani ahead of Republic Day
কূটাঘাতকাৰীক ৰোধিবলৈ মৰিয়ণিত নিছিদ্ৰ তালাচী অভিযান

By

Published : Jan 23, 2023, 4:40 PM IST

কূটাঘাতকাৰীক ৰোধিবলৈ মৰিয়ণিত নিছিদ্ৰ তালাচী অভিযান

মৰিয়নি,২৩ জানুৱাৰী:সমাগত গণৰাজ্য দিৱস (74th Republic day of India) । গণৰাজ্য দিৱসৰ প্ৰাক মুহূৰ্তত দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা । কূটাঘাতকাৰীয়ে যাতে কোনো বিক্ষিপ্ত ঘটনা সংঘটিত কৰিব নোৱাৰে (Prevent any untoward incident) তাৰে বাবে তীব্ৰতৰ কৰিছে তালাচী অভিযান (74th Republic day in Assam) । গণৰাজ্য দিৱসৰ প্ৰাক মুহূৰ্তত মৰিয়নি আৰক্ষীৰো ব্যাপক তৎপৰতাৰ দেখিবলৈ পোৱা গৈছে (Security tighten in Mariani ahead of Republic Day)।

নিশা মৰিয়নিৰ অসম নগালেণ্ড সীমান্তৱৰ্তী অঞ্চল নিউ সোণোৱালৰ অসম নগালেণ্ডৰ পথত অসমৰ পৰা নগালেণ্ডলৈ যোৱা আৰু নগালেণ্ডৰ পৰা অসমলৈ অহা প্ৰতিখন দুচকীয়া আৰু চাৰিচকীয়া বাহনত তন্ন-তন্ন কৈ তালাচী চলোৱা দেখিবলৈ পোৱা গৈছে (Police checking at Assam Nagaland border) । গণৰাজ্য দিৱসৰ প্ৰাক মুহূৰ্তত যাতে কোনো দুস্কৃতিকাৰীৰ তথা উগ্ৰপন্থী সংগঠনে কোনো ধৰণৰ কূটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই তৎপৰতা দেখিবলৈ পোৱা গৈছে ।

তাৎপৰ্যপূৰ্ণ যে, শান্তিপূৰ্ণভাৱে আৰু জনসাধৰণে মুক্ত মনে গণৰাজ্য দিৱসৰ সকলো কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি মৰিয়নি সীমামূৰীয়া অঞ্চলসমূহত আৰক্ষীয়ে নিছিদ্ৰ তালাচী ব্যৱস্থা গ্ৰহণ কৰিছে । কাৰণ মৰিয়নি অসম নাগালেণ্ডৰ সীমামুৰীয়া অঞ্চল সমূহ দুস্কৃতিকাৰীৰ তথা উগ্ৰপন্থী সংগঠন সমুহৰ আহ-যাহৰ মূল কৰিড’ৰ হিচাপে চিহ্নিত হৈ আহিছে । সেয়ে নাগালেণ্ডৰ সীমা পাৰ কৰিৰ আহি যাতে অসম কাষৰীয়া জিলা সমুহত যাতে কোনেও কূটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ বাবে দৈনিক আৰক্ষী আৰু CRPF বাহিনীয়ে তালাচী ব্যৱস্থা কৰা লগতে নিৰাপত্তা দিশটো অধিক কটকটীয়া কৰি তুলিছে ।

উল্লেখযোগ্য যে, বিগত সময়চোৱাত স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱস শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ আহিছে । গণৰাজ্য দিৱসৰ বাবে ইতিমধ্যে স্কাউট-গাইড, এন চি চি, আৰক্ষী বাহিনী, অৰ্ধসামৰিক বাহিনী আৰু ঔদ্যোগিক সুৰক্ষা বাহিনীয়ে প্ৰস্তুতিমূলক পেৰডত অংশগ্ৰহণ কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে (Republic day preparation in Mariani) । সীমামূৰীয়া মৰিয়নি লগতে যোৰহাটতো আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে দুচকীয়া, চাৰিচকীয়া বাহন লগতে অন্যান্য বাহনসমূহত তালাচী অব্যাহত ৰখাৰ লগতে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে ।

ইতিমধ্যে গণৰাজ্য দিৱসৰ বাবে যোৰহাট ক’ৰ্ট ফিল্ডক সম্পূৰ্ণ ৰূপে আটকধুনীয়াকৈ সুন্দৰ ৰূপত সজাই পৰাই তোলা হৈছে । লগতে নিৰাপত্তা দিশতো যাতে কোনো ত্ৰুটি ৰৈ নাযায় তাৰ বাবে প্ৰত্যেক মুহূৰ্ততে আৰক্ষী প্ৰশাসনে ক্ষীপ্ৰতাৰে তদাৰক কৰি আহিছে ।

লগতে পঢ়়ক:Married Woman Kidnapped: প্ৰেমৰ চলনাৰে বিবাহিত মহিলাক পলুৱাই নি বিক্ৰী কৰিলে প্ৰেমিকে

ABOUT THE AUTHOR

...view details