যোৰহাট, 3 মাৰ্চ : সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটতো আজিৰে পৰা আৰম্ভ হ’ব 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC exam 2023) ৷ অধিক কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত অনুষ্ঠিত হ'ব এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা । পৰীক্ষা শান্তিপূৰ্ণ তথা সুকলমে অনুষ্ঠিত কৰাৰ বাবে প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া স্থানত স্থানীয় প্ৰশাসনে 144 ধাৰা জাৰি কৰাৰ লগতে প্ৰতিটো কেন্দ্ৰতে চিচি টিভি কেমেৰা সংলগ্ন কৰা হৈছে বুলি জানিবলৈ দিয়ে ছেবাৰ অধ্যক্ষ আৰ চি জৈনে (SEBA Chairman R C Jain)।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে যোৰহাট জিলাতো হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ’বলগীয়া প্ৰতিটো কেন্দ্ৰত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ৷ জিলাখনত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সাজু কৰি তোলা হৈছে 28 টা পৰীক্ষা কেন্দ্ৰ ৷ এইবাৰ জিলাখনৰ পৰা 12,211 গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব বুলি জানিবলৈ পৰা গৈছে । প্ৰত্যেকটো পৰীক্ষা কেন্দ্ৰৰ বাবে এজনকৈ চুপাৰভাইছ অৰ্থাৎ নিৰীক্ষক নিয়োগ কৰাৰ হৈছে । লগতে পৰীক্ষা কেন্দ্ৰ সমূহত ফ্লাউং স্কোৱাড নিয়োগৰ লগতে পৰীক্ষা কেন্দ্ৰবোৰৰ আশে পাশে 144 ধাৰা জাৰি কৰা হৈছে বুলি জানিবলৈ দিয়ে জিলাখনৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক শুভলক্ষ্মী ৰাজকুমাৰীয়ে (Section 144 imposed in Jorhat for HSLC 2023) ।
উল্লেখ্য যে, শুক্ৰবাৰ অৰ্থাৎ আজিৰে পৰা অনুষ্ঠিত হ'বলগীয়া 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা এইবাৰ অনুষ্ঠিত হ'ব নতুন শিক্ষানীতি আধাৰত (New Education Policy) । নতুন শিক্ষা নীতিৰ আধাৰত অনুষ্ঠিত হ’বলগীয়া এইবাৰৰ পৰীক্ষাত বহুখিনি পৰিৱৰ্তন অনা হৈছে বুলি বিভাগীয় সূত্ৰত প্ৰকাশ । চাৰিটা প্ৰধান বিষয় গণিত, সাধাৰণ বিজ্ঞান, সমাজ বিজ্ঞান আৰু ইংৰাজী পৰীক্ষাৰ বাবে হ’ব দুখনকৈ উত্তৰ বহী ।