যোৰহাট, ৩ জুন: উৎকট গৰমত দহিছে সমগ্ৰ ৰাজ্য ৷ দেশৰ আন ৰাজ্য়ৰ লগতে অসমতো বৰষুণৰ অভাৱত পুনৰ অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে পাৰাস্তম্ভ । এতিয়া উৎকট গৰমৰ মাজত বিদ্যুতৰ সঘন লুকা-ভাকুৱে স্বাভাৱিক জীৱনযাত্ৰা অধিক দুর্বিষহ কৰি তুলিছে (Heat waves rise in Assam)। ইপিনে,গোলকীয় উষ্ণতা বৃদ্ধিক লৈ বিশ্ববাসী উদ্বিগ্ন হৈছে যদিও প্রতি বছৰে গৰমৰ প্ৰকোপ বৃদ্ধি পোৱাটো সৰ্বসাধাৰণৰ বাবে অতিশয় যন্ত্রণাদায়ক হৈ পৰিছে (Heat wave hits Assam)। এই প্ৰসংগত বিজ্ঞানীসকলে ভিন্ন মত আগবঢ়াইছে । যোৰহাট বিজ্ঞান আৰু তাৰকাগৃহ বিজ্ঞানী প্ৰনৱ জ্যোতি চেতিয়াই এই প্ৰসংগত কয় যে সাগৰীয় এল লিন'ৰ প্ৰভাৱ ফলত উষ্ণতা বৃদ্ধি পাইছে।
এই সন্দৰ্ভত যোৰহাট বিজ্ঞান আৰু তাৰকাগৃহৰ বিজ্ঞানী প্ৰনৱজ্যোতি চেতিয়াই পুনৰ কয় যে এই প্ৰভাৱৰ ব্যতিক্ৰম নহয় অসমো ( Jorhat Science Centre andPlanetarium)। চেতিয়াৰ মতে অসমত যোৱা বছৰৰ তুলনাত এইবছৰ আৰু অধিক হাৰত তাপমাত্ৰা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । এনে পৰিস্থতিত হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা অধিক । তেওঁ কয় যে তাপমাত্ৰা অধিক বৃদ্ধি হোৱাৰ ফলত দেহত বিভিন্ন ৰোগে আক্ৰমণ কৰিব পাৰে । সেয়েহে শৰীৰটো সুস্থ সৱল কৰি ৰাখিবলৈ অধিক পানীযুক্ত ফল-মূলৰ লগতে যথেষ্ট পৰিমাণে পানী খাব লাগে । এইদৰে পৰামৰ্শ আগবঢ়াই বিজ্ঞানী প্ৰনৱজ্যোতি চেতিয়াই লগতে কয় যে আমি পৰিৱেশৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব লাগিব । পৰিৱেশ সজাগতাৰ ওপৰত আমি গুৰুত্বপূৰ্ণ প্ৰদান কৰাটো সময়ৰ আহ্বান হিচাপে থিয় দিছে বুলিও কয় বিজ্ঞানীজনে।