শিক্ষকলৈ অচিনাক্ত দুৰ্বৃত্তৰ গুলী যোৰহাট, 16 নৱেম্বৰ : বোকাখাতত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ দুৰ্বৃত্তৰ গুলীত আহত হ’ল শিক্ষক ৷ দিন দুপৰতে শিক্ষকক গুলীয়াই আহত কৰিলে দুৰ্বৃত্তই ৷ গুলীচালনাত আহত শিক্ষকগৰাকী উদয় চাংমাই বুলি জানিব পৰা গৈছে ৷
জানিব পৰা মতে বোকাখাটৰ লতাবাৰী দলঙৰ ওচৰতে, 37 নং ৰাষ্ট্ৰীয় ঘাইপথত আজি দিন দুপৰতে দুই অচিনাক্ত দুৰ্বৃত্তই শিক্ষক উদয় চাংমাইক গুলীয়াই গুৰুতৰভাৱে আহত কৰে ৷ ইতিমধ্যে আঘাতপ্ৰাপ্ত শিক্ষকজনক যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ভৰ্ত্তি কৰোৱা হৈছে ৷ কি কাৰণত এই ঘটনা সংঘটিত হ’ল সেই বিষয়ে বৰ্তমানলৈকে কোনো কথা জানিব পৰা হোৱা নাই ৷
শিক্ষকজনৰ পিতৃয়ে কয় যে, শিক্ষক উদয় চাংমাইৰ পৰা তেওঁৰ নিজৰ দৰমহাৰ পইচাৰে এবছৰ পূৰ্বে ক্ৰয় কৰা বাইকখন, ম’বাইল, কান্ধত থকা বেগ আৰু তেওঁৰ লগত থকা কিছু টকা লৈ যায় দুৰ্বৃত্তই ৷ ঘটনা সংঘটিত কৰাৰ সময়ত দুৰ্বৃত্ত কেইটাই "তোক বহুত দিনৰ পৰা চাই আছিলো বুলি" কোৱা বুলি কয় পিতৃয়ে ৷ আনহাতে শিক্ষকজনৰ কাৰো সৈতে কোনো শত্ৰুতা নাছিল বুলিও কয় পিতৃয়ে ৷
এই ঘটনা সন্দৰ্ভত ভুক্তভোগী শিক্ষকগৰাকীৰ পিতৃ ভৱেন চাংমাইয়ে কয় যে, বোকাখাটত বিগত দিন ধৰি বাইক চুৰি আৰু ডকাইতিৰ ঘটনা বৃদ্ধি পাই আহিছে ৷ সেয়েহে এইক্ষেত্ৰত প্ৰশাসনে বিহিত ব্যৱস্থা আৰু পদক্ষেপ গ্ৰহণ কৰাটো প্ৰয়োজন ৷ লগতে আজি তেখেতৰ পুত্ৰৰ সৈতে সংঘটিত হোৱা এই ঘটনা প্ৰশাসনে গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব বুলি আশাবাদী তেওঁ ৷ ইফালে এজন শিক্ষকক দিন দুপৰতে আচিনাক্ত দুৰ্বৃত্তই গুলীয়াই আহত কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
লগতে পঢ়ক :চুৰি কৰা বাইকেৰে বন্ধুক লৈ গৈছিল প্ৰেয়সীক লগ কৰিবলৈ, বশিষ্ঠত পৰিল ধৰা