অসম

assam

By

Published : Mar 4, 2023, 9:40 PM IST

ETV Bharat / state

School amalgamation in Assam: একত্ৰীকৰণক লৈ চিন্তিত যোৰহাটৰ এখন বিদ্যালয়ৰ শিক্ষাৰ্থী

বিদ্যালয় একত্ৰীকৰণক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত প্ৰতিক্ৰিয়া । যোৰহাটৰ এখন গাঁৱৰ ৰাইজে এতিয়া তেওঁলোকৰ সন্তানৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে(School amalgamation in Jorhat)। কিয়নো পূৰ্বৰে পৰা পঢ়ি অহা বিদ্যালয়খন এৰি এতিয়া একত্ৰীকৰণৰ ফলত অতি দুৰ্গম অঞ্চলত স্থাপিত এখন বিদ্যালয়ত অধ্যয়ন কৰিব লাগিব এইসকল শিক্ষাৰ্থীয়ে ।

School amalgamation in Jorhat
একত্ৰীকৰণক লৈ চিন্তিত যোৰহাটৰ এখন বিদ্যালয়ৰ শিক্ষাৰ্থী

একত্ৰীকৰণক লৈ চিন্তিত যোৰহাটৰ এখন বিদ্যালয়ৰ শিক্ষাৰ্থী

যোৰহাট,৪ মাৰ্চ:একেটা ছাতিৰ তলতে প্ৰাথমিকৰ পৰা হাইস্কুল পৰ্যায়লৈকে শিক্ষা গ্ৰহণৰ ব্যৱস্থা আৰম্ভ কৰি শেহতীয়াকৈ ৰাজ্যৰ শিক্ষা বিভাগে বিদ্যালয়সমুহ একত্ৰীকৰণৰ নিৰ্দেশনা জাৰি কৰিছিল (School amalgamation in Assam) ৷ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে জাৰি কৰিছিল এই নিৰ্দেশনা । কিন্তু এই নিৰ্দেশনাই বহুতৰ মাজত সৃষ্টি কৰিছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ । বিশেষকৈ বহু বিদ্যালয় নোহোৱা হোৱাৰ দিশে গতি কৰাৰ বাবে চিন্তিত হৈ পৰিছে শিক্ষাৰ্থী-শিক্ষক তথা অভিভাৱকসকল ।

একেই পৰিস্থিতি বিৰাজ কৰিছে যোৰহাটৰ এখন বিদ্যালয়ত(School amalgamation in Jorhat) । যোৰহাট ঢ়েকৰগড়া শিক্ষাখণ্ডৰ অন্তৰ্গত নেউল গাঁৱত অৱস্থিত গোবিন্দ গোৱৰ চুক প্ৰাথমিক বিদ্যালয়ক নগন্য সংখ্যক শিক্ষাৰ্থী থকা দুৰ্গম অঞ্চলৰ দনিপল মধ্য ইংৰাজী বিদ্যালয়ৰ সৈতে একত্ৰীতকৰণ কৰাত দুখত ভাগি পৰিছে ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকসকল(Student against school amalgamation) ।

যাৰ ফলত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা বৰ্তমানৰ অধ্যয়নৰত শিক্ষাৰ্থীসকলে একত্ৰীকৰণ কৰা বিদ্যালয়খনলৈ নাযাও বুলি কৈ প্ৰতিবাদত নামি পৰাৰ লগতে উক্ত বিষয় সন্দৰ্ভত এক ৰাজহুৱা সভা অনুষ্ঠিত কৰে (Protest Against School Amalgamation) । আনহাতে শিক্ষা বিভাগে একত্ৰীকৰণ কৰা বিদ্যালয়ৰ একাউণ্টত মধ্যাহ্ন ভোজনৰ পুঁজি দিয়াৰ বাবে গোবিন্দ গোৱৰ চুক প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হৈছে ।

ফলত প্ৰধান শিক্ষকগৰাকীয়ে নিজৰ পকেটৰ ধন খৰচ কৰি শিক্ষাৰ্থী সকলক মধ্যাহ্ন ভোজন খুৱাব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে । শিক্ষা বিভাগে গোবিন্দ গোৱৰ চুক প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ প্ৰতি এক সুবিচাৰ প্ৰদান কৰিব বুলি অভিভাৱকসকলে আশাৰে বাট চাই ৰৈছে । উল্লেখ্য যে মিছিং জনজাতি অধ্যুষিত অঞ্চলৰ লোকসকল প্ৰধানত কৃষি ওপৰত নিৰ্ভৰশীল । সেয়েহে নিজৰ সন্তানক দুৰ্গম অঞ্চলত অৱস্থিত শিক্ষানুষ্ঠানলৈ পঠিয়াবলৈ অনীহা প্ৰকাশ কৰে । ফলত এই সকল শিশুৱে পূৰ্বৰে পৰা শিক্ষা লাভ কৰাৰ পৰা বঞ্চিত হৈ আহিছে । শিক্ষা বিভাগৰ এনেবোৰ সিদ্ধান্ত বাবে এইসকল শিশুৱে প্ৰাথমিক শিক্ষা লাভ পৰাৰ বঞ্চিত হোৱা গুৰুতৰ অভিযোগ উথাপিত হৈছে ।

লগতে পঢ়ক:Devi Dol in crisis : দেৱীদৌলৰ প্ৰতি ভাবুকি, পুৰাতত্ব বিভাগৰ বিৰুদ্ধে সৰৱ স্থানীয় সংগঠন

ABOUT THE AUTHOR

...view details