অসম

assam

By

Published : Aug 20, 2020, 11:28 AM IST

ETV Bharat / state

যোৰহাটত ইউৰিয়া সাৰৰ নাটনি, বৃহৎ ক'লা বজাৰ গঢ়ি উঠাৰ অভিযোগ

সমগ্ৰ জিলাখনত ইউৰিয়া সাৰৰ এক বৃহৎ ক'লা বজাৰ গঢ়ি উঠিছে বুলি অভিযোগ তুলিছে সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ কৃষি মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ ৷

Scarcity of fertilizers in Teok
যোৰহাটত ইউৰিয়া সাৰৰ নাটনি

টীয়ক, 20আগষ্টঃ যোৰহাট জিলাত সম্প্ৰতি তীব্ৰ নাটনি হৈছে ইউৰিয়া সাৰৰ। যোৰহাট জিলালৈ 'ব্ৰহ্মপুত্ৰ ফাৰটিলাইজাৰ' নামৰ এক ব্যৱসায় প্ৰতিস্থানে ৫০৩ মেট্ৰিক টন ইউৰিয়া সাৰৰ যোগান ধৰিছিল জিলাখনৰ কৃষকসকলৰ বাবে। কিন্তু এই সাৰ সাধাৰণ কৃষকৰ পৰিৱৰ্তে বৃহৎ বৃহৎ চাহ বাগিচাসমূহে অবৈধভাৱে লাভ কৰাৰ অভিযোগ তুলিছে সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।

যোৰহাটত ইউৰিয়া সাৰৰ নাটনি

ইপিনে প্ৰতি বেগ ইউৰিয়া ২৬৬ টকাৰ পৰিৱৰ্তে ৪৫০ টকাৰ পৰা ৫০০ টকা দি কৃষকে কিনিবলগীয়া হৈছে আৰু সমগ্ৰ জিলাখনত ইউৰিয়া সাৰৰ এক বৃহৎ ক'লা বজাৰ গঢ়ি উঠিছে বুলি অভিযোগ তুলিছে সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ এই সন্দৰ্ভত যোৰহাট জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিছিল যদিও কোনো সদুত্তৰ নোপোৱাত ৰাজ্যৰ কৃষিমন্ত্ৰীলৈ যোৱা ১৭ তাৰিখে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ লগতে এই চক্ৰটোৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৱে । উল্লেখযোগ্য যে, যোৰহাটত সাৰ যোগানৰ বাবে অনুমোদিত মুঠ ৮ খন প্ৰতিষ্ঠানৰ ভিতৰত তিনিখনকৈ ঠিকনাবিহীন প্ৰতিষ্ঠানৰ নামত প্ৰায় ১৮২ মেট্ৰিক টন সাৰ যোগান ধৰা হৈছে বুলি জানিবলৈ দিছে সংগঠনটোৱে ।

লগতে পঢ়কঃঅসমীয়া পৰম্পৰা জীয়াই ৰখাৰ কাকপথাৰবাসীৰ অনন্য প্ৰয়াস

ABOUT THE AUTHOR

...view details