যোৰহাট, 5 মাৰ্চঃ স্বাধীনতাৰ ৭০ বছৰৰ পিচতো কোনো চৰকাৰে অনুসুচিত জাতিৰ বাবে কোনো ধৰণৰ বিশেষ উন্নয়নৰ কাম নকৰাৰ অভিযোগ অনুসুচিত জাতি যুৱ ছাত্র পৰিষদৰ ৷ আজি প্ৰায় ৪০ লাখ অনুসুচিত জাতিৰ প্ৰকৃত অৰ্থত উন্নয়নৰ দাবীৰে যোৰহাটত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ছাত্র সংগঠনটোৱে ৷ যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘটেৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে যোৰহাট অনুসুচিত জাতি ছাত্র সংগঠনৰ সদস্যসকলে ৷ যদি চৰকাৰে বৃহৎ অনুসুচিত জাতিৰ প্ৰকৃত উন্নয়ন সাধন নকৰে তেনেহলে অনাগত দিনত জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ৷
যোৰহাটত অৱস্থান ধৰ্মঘট অনুসুচিত জাতি যুৱ ছাত্র পৰিষদৰ - অনুসুচিত জাতি যুৱ ছাত্র পৰিষদ
অনুসুচিত জাতিৰ বাবে কোনো এখন চৰকাৰে বিশেষ উন্নয়নৰ কাম নকৰাৰ অভিযোগত আজি যোৰহাটৰ জিলা উপায়ুক্ত কায্যলয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে অনুসুচিত জাতি যুৱ ছাত্র পৰিষদে ৷
sc student union protest for rights