অসম

assam

ETV Bharat / state

স্বায়ত্ব শাসনৰ দাবীত অনুসূচিত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অনুসূচিত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ ৷ চৰকাৰক অতিশীঘ্ৰে স্বায়ত্ব শাসনৰ দাবী জনাই জিলা উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰীৰ লগতে প্ৰধানমন্ত্ৰী লৈ এখন স্মাৰক প্ৰত্ৰ প্ৰদান কৰে ৷

স্বায়ত্ব শাসনৰ দাবীত অনুসুচিত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

By

Published : Aug 22, 2019, 2:36 PM IST



যোৰহাট, 22 আগষ্টঃ যোৰহাটত অনুসূচিত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ ৷ স্বায়ত্ব শাসনৰ দাবীত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সংগঠনটোৱে ৷

স্বায়ত্ব শাসনৰ দাবীত অনুসুচিত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

স্বায়ত্ব শাসনৰ দাবীত অনুসূচিত যুৱ ছাত্ৰ পৰিষদে যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । দেশৰ স্বাধীনতা লাভৰ ৭৩ বছৰৰ পিছতো সমগ্ৰ দেশৰ লগতে ৰাজ্যখনৰ ৪০ লাখ অনুসূচিত জাতিৰ প্ৰকৃত উন্নয়ন সাধন হোৱা নাই বুলি মন্তব্য কৰে সংগঠনটোৰ বিষয়ববীয়াই । ৰাজ্যখনৰ আন আন জাতি জনগোষ্ঠীক চৰকাৰে যিদৰে স্বায়ত্ব শাসনৰ ময্যদা প্ৰদান কৰি সামাজিক আৰু অৰ্থনৈতিক দিশত উন্নয়নৰ সুকীয়া সুবিধা প্ৰদান কৰিছে, কিন্তু ৰাজ্যৰ অনুসূচিত জাতি আজিও চৰকাৰে অৱহেলা কৰি আছে বুলি মন্তব্য ছাত্ৰ সংগঠনটোৰ । আনহাতে, অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত মুখ্য ভূমিকা পালন কৰা অনুসুচিত জাতি টোৰ বাবে উচিত পদক্ষেপ ল'বলৈ চৰকাৰক আহ্বান জনাই ৷ চৰাকাৰক অতিশীঘ্ৰে স্বায়ত্ব শাসনৰ দাবী তুলি জিলা উপায়ুক্তৰ যোগেদি ৰাজ্যৰ মুখ্যমন্ত্ৰী লগতে প্ৰধানমন্ত্ৰী লৈ এখন স্মাৰক প্ৰত্ৰ প্ৰদান কৰে ৷

ABOUT THE AUTHOR

...view details