টীয়ক, 24 ডিচেম্বৰ :ডিচেম্বৰ মানেই কিতাপৰ বতৰ ৷ ৰাজ্য ভিন্ন প্ৰান্তৰ লগতে টীয়ক প্ৰেছ ক্লাৱৰ উদ্যোগত তথা সমূহ টীয়কবাসীৰ সহযোগত 22 ডিচেম্বৰৰ পৰা পাঁচদিনীয়াকৈ টীয়ক হাইস্কুলৰ খেলপথাৰত অনুষ্ঠিত কৰা হৈছে প্ৰথম টীয়ক গ্ৰন্থমেলাৰ ৷ দেওবাৰে গ্ৰন্থমেলাৰ তৃতীয় দিনা কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হয় ৷ টীয়কৰ দৰে এটা অঞ্চলত এইদৰে সুন্দৰভাৱে গ্ৰন্থমেলা আয়োজন কৰাৰ বাবে উদ্যোক্তাসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷
কেবিনেট মন্ত্ৰী সোণোৱালে কয় যে, এই প্ৰচেষ্টাই টীয়কৰ সৰ্বস্তৰৰ ব্যক্তিৰ মাজত এক সুস্থ শৈক্ষিক, বৌদ্ধিক তথা মানসিক পৰিৱেশ গঢ়ি তুলিব বুলি আশাবাদী ৷ এখন সমাজ সবলীকৰণৰ বাবে গ্ৰন্থ হৈছে মূল উৎস ৷ যুগে যুগে এই প্ৰচেষ্টা চলি আহিছে আৰু আগলৈও চলি থাকিব ৷ এগৰাকী লিখকে বহু কষ্ট কৰি এখন গ্ৰন্থ লিখি উলিয়াই আৰু প্ৰকাশকে পাঠকৰ বাবে প্ৰকাশ কৰি উলিয়াই ৷ গতিকে দুয়োপক্ষকে উৎসাহিত কৰিবলৈ পঢ়ুুৱৈসকলৰ অতিকৈ আৱশ্যক ৷