টীয়ক, ২৯ আগষ্ট:সমগ্ৰ ৰাজ্যতে সোমবাৰে উলহ-মালহেৰে পালন কৰা হৈছে একশৰণ নামধৰ্ম দৰ্শনৰ বাটকটীয়া তথা সমাজ সংস্কাৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি(Srimanta Sankardeva Tirobhava Tithi)। নামধৰ্মৰ অমৃত ৰসেৰে বৈষ্ণৱ ধৰ্মৰ বাণী প্ৰচাৰেৰে একত্ৰিত সমাজ গঢ়াৰ প্ৰচেষ্টাত ব্ৰতী হোৱা জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিত মুখৰিত হৈ পৰে ৰাজ্য়ৰ নামঘৰসমূহ ।
মহাপুৰুষীয়া সংস্কৃতি আৰু নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে মহাপুৰুষ মাধৱদেৱ স্থাপিত যোৰহাট জিলাৰ টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত (Dhekiakhowa Barnamghar in Teok) উলহ-মালহেৰে পালন কৰা হয় । এই ঢেকীয়াখোৱা বৰনামঘৰতো যথেষ্ট ভিৰ পৰিলক্ষিত হয় (Devotees gathered in Dhekiakhowa Barnamghar)। পুৱাই খোল–তাল–ডবা–শংখৰ ধ্বনিৰে মুখৰিত হ'ল ঢেকীয়াখোৱা বৰনামঘৰ ।