মৰিয়নি, ২৪ অক্টোবৰ : বিয়া খাবলৈ গৈ সমাজচ্যুত হ'বলগা হ'ল চাৰিটা পৰিয়াল (Family expelled by Sankardev Sangha) । যোৰহাটৰ মৰিয়নি লাহিং অঞ্চলত সংঘটিত হৈছে এই ঘটনা (Sankardev Sangha unsocial work in Morioni) । শংকৰ সংঘৰ এই অবিবেচক কৰ্ম-কাণ্ডক লৈ এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
মৰিয়নিৰ নকচাৰীত শংকৰ সংঘৰ ফটোৱাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ (Sankardev Sangha Morioni expelled 4 families) । মৰিয়নিৰ নকচাৰীত আহোম সমাজ ব্যৱস্থা পৰম্পৰাগত চকলং ৰীতি-নীতিৰে সম্পন্ন হোৱা এখন বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰি সমাজচ্যুত হ'বলগীয়া হ'ল চাৰিটাকৈ পৰিয়াল । শংকৰদেৱ সংঘৰ যোৰহাটৰ মৰিয়নি লাহিং আঞ্চলিকে জাৰি কৰিলে এই ফটোৱা (Sankardev Sangha Morioni controversy) ।
মৰিয়নিৰ নকচাৰীত টাই আহোম সমাজ ব্যৱস্থা চকলং ৰীতি-নীতিৰে অনুষ্ঠিত বিবাহত অংশগ্ৰহণ কৰাৰ বাবেই এই ফটোৱা । মৰিয়নি লাহিং লাহদৈগড় মৰাণ গাঁৱৰ লক্ষী গগৈক শংকৰ সংঘই বিয়া খোৱাৰ বাবেই সমাজচ্যুত কৰি শুদ্ধিকৰণ কৰিলে । জানিব পৰা মতে, চকলং ৰীতি-নীতিৰে বিবাহ সম্পন্ন কৰা নকচাৰীৰ কইনাঘৰৰ লগতে বিবাহত অংশগ্ৰহণ কৰা চাৰিটা পৰিয়ালকো শংকৰ সংঘই এঘৰীয়া কৰিলে । ইফালে এই ঘটনাক একমুখে ধিক্কাৰ জনাইছে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিৰ লগতে বিভিন্ন সচেতন ৰাইজে ।